
গুৱাহাটী, ০৮ মাৰ্চ (হি.স.)। আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ভাৰতীয় জনতা পাৰ্টিৰ জন আশীৰ্বাদ যাত্ৰাই ৰাজ্যজুৰি যথেষ্ট জনসমৰ্থন লাভ কৰি দলীয় কৰ্মীসকলৰ উৎসাহ বৃদ্ধি কৰিছে। যাত্ৰাৰ সপ্তম দিনা দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটা, ডিগবৈ আৰু মাকুমলৈ ৰাওনা হয়।
নিৰ্ধাৰিত সময়সূচী অনুসৰি আজি ৮ মাৰ্চত মাকুমৰ পৰা যাত্ৰা আৰম্ভ কৰি ডিগবৈ হৈ মাৰ্ঘেৰিটাত কাৰ্যসূচীৰ সামৰণি মাৰিব মুখ্যমন্ত্ৰীয়ে। তিনিওটা সমষ্টিতে আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ নিজৰ চৰকাৰৰ বাবে জনতাৰ আশীৰ্বাদ বিচাৰিব। অসম বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই তেওঁৰ সৈতে যাত্ৰাৰ সময়ত সংগ দিব। উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ জৰিয়তে দলটোৱে জনসাধাৰণৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ