
নগাঁও, ০৬ মাৰ্চ (হি.স.): চামগুৰি সমষ্টিত কংগ্ৰেছ দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ বিৰোধিতা কৰিছে দলৰেই একাংশ লোকে। যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া তাঞ্জিল হুছেইনক প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতা কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে।
সদ্য ঘোষিত ৪২ জনীয়া কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ তালিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে চামগুৰিৰ কংগ্ৰেছ কৰ্মীয়ে।চামগুৰি সমষ্টিৰ উচ্চ শিক্ষিত লোকে প্ৰাৰ্থীত্বৰ আবেদন কৰিছিল যদিও পৰিয়ালতান্ত্ৰিক বাবে তাঞ্জিলকেই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে এআইচিচিয়ে। পূৰ্বৰে পৰাই এই সকল কংগ্ৰেছ কৰ্মীয়ে তাঞ্জিলৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰি আহিছিল যদিও ৰকিবুল হুছেইনক সন্তুষ্ট কৰিবলৈ এই সিদ্ধান্ত কৰা হৈছে। কংগ্ৰেছে ঘোষণা কৰা ৪২জনীয়া প্ৰথম প্ৰাৰ্থী তালিকাৰ ১৯ জনেই পৰাজয় বৰণ কৰা প্ৰাৰ্থী। আগন্তুক দিনত চামগুৰি সমষ্টিত তাঞ্জিল হুছেইন তীব্ৰ প্ৰত্যাহ্বানৰ সন্মূখীন হোৱাৰ সম্ভাৱনা আছে । গৌৰৱ গগৈৰ ভূমিকাকলৈও অসন্তুষ্টি প্ৰকাশ কৰে এই সকল কংগ্ৰেছ কৰ্মীয়ে। চামগুৰি সমষ্টিৰ তাঞ্জিলৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত সাংবাদিকৰ আগত ক্ষোভ আৰু বিষোদগাৰ প্ৰকাশ কৰিলে একাংশ কংগ্ৰেছ কৰ্মীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ