
শিৱসাগৰ, ০৫ মাৰ্চ (হি.স.)। কংগ্ৰেছৰ ডিমৌ সমষ্টিৰ প্ৰাৰ্থী অজয় কুমাৰ গগৈক কেন্দ্ৰ কৰি ডিমৌত কংগ্ৰেছৰ বৃহৎ সমদল বাহিৰ। সমষ্টিটোৰ বাবে প্ৰাৰ্থী চূড়ান্ত হোৱাৰ পিছতে ডিমৌ সমষ্টিৰ কংগ্ৰেছৰ নেতা-কৰ্মী সকলৰ মাজত দেখা গৈছে ব্যাপক উচাহ। প্ৰাৰ্থী অজয় কুমাৰ গগৈক বাসগৃহৰ পৰা ডিমৌৰ ৰাজীৱ ভৱনলৈ আদৰি আজি ৰাষ্ট্ৰীয় ঘাইপথেৰে উলিয়ালে বিশাল সমদল।
কংগ্ৰেছ জিন্দাবাদ, অজয় কুমাৰ গগৈ জিন্দাবাদ ধ্বনিৰে মুখৰিত ডিমৌ। আজিয়ে আনুষ্ঠানিকভাৱে মুকলি হ'ল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়।
সমৰ্থক, দলীয় কৰ্মীৰ বিপুল উচাহেৰে বাসগৃহৰ পৰা ডিমৌ ৰাজীৱ ভৱনলৈ পদযাত্ৰা কৰি অহা প্ৰাৰ্থী জয় কুমাৰ গগৈয়ে কয় - ডিমৌ কংগ্ৰেছৰ দুৰ্গ আছিল আৰু হৈ থাকিব। ডিমৌত কংগ্ৰেছ সদায়ে শক্তিশালী। ৰাইজৰ স্বত:ফুৰ্ত সঁহাৰিৰে প্ৰমাণ কৰিছে যে এইবাৰ ডিমৌত কংগ্ৰেছৰ জয় নিশ্চিত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা