
মিয়ামি, ২৪ মাৰ্চ (হি.স.)। সোমবাৰে এক তাৰকাময় প্ৰদৰ্শনেৰে ২০২৬ চনৰ মিয়ামি অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে বিশ্বৰ ১ নং খেলুৱৈ আৰিনা ছাবালেংকাই। চীনৰ ঝেং কিনৱেনক ৬-৩, ৬-৪ ব্য়ৱধানত ষ্ট্ৰেইট ছেটত পৰাস্ত কৰে ছাবালেংকাই। এঘণ্টা ২৫ মিনিটৰ খেলখন চলিছিল। এতিয়া ছাবালেংকাই ছানশ্বাইন ডাবল (একে বছৰতে ইণ্ডিয়ান ওৱেলছ আৰু মিয়ামি অ'পেনছত জয়ী হোৱা) লাভ কৰাৰ এখোজ ওচৰ চাপিছে।
কোৱাৰ্টাৰ ফাইনেলত ছাবালেংকাই জেলেনা অষ্টাপেংকোক ৬-৩, ৬-৪ ব্য়ৱধানত পৰাস্ত কৰা আমেৰিকান হাইলী বেপ্টিষ্টৰ বিৰুদ্ধে খেলিব।
চতুৰ্থ ছিড আমেৰিকান কোকো গ’ফে ৰোমানিয়াৰ ছ’ৰানা চিৰষ্টিয়াক ৬-৪, ৩-৬, ৬-২ ব্য়ৱধানত পৰাস্ত কৰি অন্তিম ৮লৈ আগবাঢ়ি যায়। দ্বিতীয় ছেটত গ’ফে সংগ্ৰাম কৰিছিল যদিও তৃতীয় ছেটত শক্তিশালী কামবেক কৰি মেচখন জয়ী হৈছিল।
চেক ৰিপাব্লিকৰ কেৰ’লিনা মুচোভাই একপক্ষীয় খেলত ফিলিপাইনছৰ আলেকজেণ্ড্ৰা ইয়ালাক ৬-০, ৬-২ ব্য়ৱধানত পৰাস্ত কৰি সহজেই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
কানাডাৰ যুৱতী ভিক্টোৰিয়া ম্বোকোৱেও ৰাছিয়াৰ মিৰা আন্দ্ৰেভাক ৭-৬(৪), ৪-৬, ৬-০ ব্য়ৱধানত পৰাস্ত কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। নিৰ্ণায়ক ছেটত ম্বোকোৱে শক্তিশালী খেল খেলি মেচখন জয়ী হয়।
এতিয়া কোৱাৰ্টাৰ ফাইনেলত মুচোভাৰ বিৰুদ্ধে খেলিব ম্বোকোৱে, য’ত দুয়োজন খেলুৱৈয়ে ছেমিফাইনেলত স্থানৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া