হকী ইণ্ডিয়া বাৰ্ষিক বঁটাৰ বাবে মনোনীত হোৱাৰ বাবে হাৰ্দিক আৰু নৱনীতৰ কৃতজ্ঞতা ব্য়ক্ত, বৃহৎ প্ৰতিযোগিতাসমূহৰ ওপৰত নজৰ
নতুন দিল্লী, ২৪ মাৰ্চ (হি.স.)। ভাৰতীয় দলৰ তাৰকা খেলুৱৈ হাৰ্দিক সিং আৰু নৱনীত কৌৰে হকী ইণ্ডিয়া অষ্টম বাৰ্ষিক বঁটা ২০২৫ৰ বাবে মনোনীত হোৱাৰ পিছত আনন্দ প্ৰকাশ কৰি তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি আখ্যা দিয়ে। দুয়োগৰাকী খেলুৱৈয়ে কয় যে এই সন্মানে তেও
भारतीय हॉकी खिलाड़ी हार्दिक सिंह


নতুন দিল্লী, ২৪ মাৰ্চ (হি.স.)। ভাৰতীয় দলৰ তাৰকা খেলুৱৈ হাৰ্দিক সিং আৰু নৱনীত কৌৰে হকী ইণ্ডিয়া অষ্টম বাৰ্ষিক বঁটা ২০২৫ৰ বাবে মনোনীত হোৱাৰ পিছত আনন্দ প্ৰকাশ কৰি তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি আখ্যা দিয়ে। দুয়োগৰাকী খেলুৱৈয়ে কয় যে এই সন্মানে তেওঁলোকক আৰু ভাল প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিছে আৰু এতিয়া আগন্তুক ডাঙৰ ডাঙৰ প্ৰতিযোগিতাসমূহৰ ওপৰত চকু ৰাখিছে।

অহা ২৭ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই সন্মানীয় অনুষ্ঠানত হকী ইণ্ডিয়া বলবীৰ সিং চিনিয়ৰ প্লেয়াৰ অৱ দ্য ইয়েৰ ২০২৫ বঁটাৰ বাবে হাৰ্দিক সিং আৰু নৱনীত কৌৰক মনোনীত কৰা হৈছে । ইয়াৰ উপৰিও হাৰ্দিকক অজিত পাল সিঙৰ শ্ৰেষ্ঠ মিডফিল্ডাৰ, আৰু নৱনীতক বছৰৰ ধনৰাজ পিল্লাই ফৰৱাৰ্ডৰ বাবে মনোনীত কৰা হৈছে।

২০২৫ চনত দুয়োগৰাকী খেলুৱৈয়ে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াইছে । বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হিৰো এছিয়া কাপত ভাৰতৰ স্বৰ্ণ পদক জয়ৰ ক্ষেত্ৰত হাৰ্দিক সিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইফালে, নৱনীত কৌৰে মহিলা এছিয়া কাপ ২০২৫ত ছটা গ’ল দি দলটোৰ ৰূপৰ পদকত অৰিহণা যোগাই ২০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ সম্পূৰ্ণ কৰে।

হায়দৰাবাদত অনুষ্ঠিত হোৱা এফ আই এইচ হকী বিশ্বকাপ ২০২৬ কোৱালিফায়াৰতো নৱনীতে চাৰিটা গ’ল দি টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে, য’ত ভাৰতে ৰূপৰ পদক লাভ কৰে ।

হাৰ্দিক সিঙে এক বিবৃতিত কয় যে এনে বঁটাসমূহে খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক স্বীকৃতি দিয়ে, তেওঁলোকক আৰু ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে । এছিয়া কাপ জয়ক নিজৰ কেৰিয়াৰৰ এক বিশেষ মুহূৰ্ত বুলি অভিহিত কৰি তেওঁ কয় যে কঠিন পৰিস্থিতিত একত্ৰিত হৈ দলটোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল ।

নৱনীত কৌৰে মনোনয়ন লাভ কৰি গৌৰৱ প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে পৰিয়াল আৰু সতীৰ্থসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । নিৰন্তৰ কঠোৰ পৰিশ্ৰম আৰু অভিজ্ঞতাৰ জৰিয়তে তেওঁ নিজৰ খেলৰ উন্নতি অব্যাহত ৰাখিছে বুলিও কয় ।

দুয়োগৰাকী খেলুৱৈয়ে আগন্তুক এফ আই এইচ হকী বিশ্বকাপ আৰু এছিয়ান গেমছৰ প্ৰতি উৎসাহ প্ৰকাশ কৰাৰ লগতে দলটোৰ বাবে নিজৰ শ্ৰেষ্ঠখিনি দিয়াৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande