
পাঁচখন টি-২০ খেল খেলিব টিম ইণ্ডিয়াই
নতুন দিল্লী, ২৪ মাৰ্চ (হি.স.)। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ঘোষণা কৰা হৈছে । পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে বাছনি সমিতিখনে এটা সুষম আৰু শক্তিশালী দল নিৰ্বাচন কৰিছে, য’ত হৰমনপ্ৰীত কৌৰে দলৰ নেতৃত্ব দিব, আনহাতে স্মৃতি মান্ধনাই উপ অধিনায়ক হিচাপে দায়িত্ব বহন কৰিব।
দলটোত আছে ছেফালী বৰ্মা, জেমিমাহ ৰড্ৰিগেছ, দীপ্তি শৰ্মা, ৰিচা ঘোষৰ দৰে অভিজ্ঞ খেলুৱৈ যিয়ে বেটিং শক্তিশালী কৰিব। ৰেনুকা ঠাকুৰ, অৰুন্ধতী ৰেড্ডী, আৰু শ্ৰেয়াংকা পাটিলে বলিং বিভাগত ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ উপৰি কাশৱী গৌতম, ক্ৰান্তি গৌড়, আৰু শ্ৰী চৰণীকে ধৰি একাংশ যুৱ খেলুৱৈকো সুযোগ দিয়া হৈছে।
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এই টি-২০ শৃংখলা আৰম্ভ হ’ব ২০২৬ চনৰ ১৭ এপ্ৰিলৰ পৰা । এই শৃংখলাৰ দ্বিতীয়খন মেচ ১৯ এপ্ৰিলত, তৃতীয়খন ২২ তাৰিখে আৰু চতুৰ্থখন ২৫ তাৰিখে অনুষ্ঠিত হ’ব।
প্ৰথম আৰু দ্বিতীয় মেচ ডাৰবানত অনুষ্ঠিত হোৱাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ মেচ জোহান্সবাৰ্গত অনুষ্ঠিত হ’ব। অহা ২৭ এপ্ৰিলত অনুষ্ঠিত হ’ব এই শৃংখলাৰ পঞ্চম আৰু অন্তিমখন খেল। ভাৰতীয় সময় অনুসৰি সকলো মেচ সন্ধিয়া আৰু নিশাৰ সময়ত অনুষ্ঠিত হ’ব, যাৰ ফলত এই ধাৰাবাহিকখন ভাৰতীয় দৰ্শকৰ বাবেও এক আকৰ্ষণীয় দিশ হিচাপে পৰিগণিত হ’ব।
আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ প্ৰস্তুতিৰ বাবে এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, আৰু টিম ইণ্ডিয়াই এই শৃংখলাত শক্তিশালী প্ৰদৰ্শনেৰে নিজৰ প্ৰস্তুতি আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিব।
ভাৰতীয় দল:
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), শ্বাফলী বৰ্মা, জেমিমাহ ৰড্ৰিগেছ, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটকীপাৰ), অৰুন্ধতী ৰেড্ডী, ৰেনুকা ঠাকুৰ, ক্ৰান্তি গৌড়, শ্ৰী চৰানি, শ্ৰেয়ংকা পাটিল, কাশৱী গৌতম, ভাৰতী ফুলমালি, উমা ছেত্ৰী (উইকেটকীপাৰ), অনুষ্কা শৰ্মা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া