চুলুঙৰ সদভাৱনা সন্মিলনলৈ ডিমাপুৰৰ পৰা অহা বাছত অগ্নিকাণ্ড
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল ৪০ জন যাত্ৰী।
চুলুঙৰ সদভাৱনা সন্মিলনলৈ ডিমাপুৰৰ পৰা অহা বাছত অগ্নিকাণ্ড


নগাঁও, ০৮ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ কলিয়াবৰত যোৱা কালি বুধবাৰে বিয়লি এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল নগালেণ্ডৰ ডিমাপুৰৰ পৰা অহা ৪০ জন যাত্ৰী। চুলুঙৰ সদভাৱনা সন্মিলনলৈ ডিমাপুৰৰ পৰা এখন বাছৰ জৰিয়তে আহিছিল প্ৰায় ৪০ জন যাত্ৰী। বাছখনৰ যান্ত্ৰিক বিজুতিৰ ফলত যাত্ৰা পথতে ইঞ্জিনত জুইৰ সূত্ৰপাত হয়।

ইফালে ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱাত বাছত অহা যাত্ৰী সকলৰ মাজত লাগে হুৱাদুৱাৰ সৃষ্টি হয়। বাছৰ ভিতৰৰ পৰা দৌৰা দৌৰি কৰি কোনো মতে প্ৰাণ ৰক্ষা কৰিলে যাত্ৰী সকলে। কলিয়াবৰৰ হাতীয়েখোৱাত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাস্থলীত উলুৱনী আৰক্ষী আৰু কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ বাছ খনৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ডিমাপুৰৰ পৰা কলিয়াবৰৰ চুলুঙত দুদিনীয়াকৈ অনুষ্ঠিত সদভাৱনা সন্মিলনলৈ আহিছিল যাত্ৰী সকল। দুৰ্ঘটনা গ্ৰস্ত গীতাঞ্জলি নামৰ বাছ খনৰ নম্বৰ এএছ ১২ বিচি ৯৯৯১ বুলি জনা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande