
কাংপোকপি (মণিপুৰ), ০৮ জানুৱাৰী (হি.স.)। মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), বন বিভাগ আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো (এন চি বি)ৰ যৌথ দলে বুধবাৰে কাংপোকপি জিলাৰ মলজোল, তুছাম, বৈচেই-নাফাই, আৰু ইয়াৰ আশে-পাশে থকা পাহাৰীয়া অঞ্চলত বিস্তৃত প্ৰায় ৫৩ একৰ অবৈধ আফিং খেতি ধ্বংস কৰে।
আৰক্ষীৰ এগৰাকী মুখপাত্ৰই আজি জনোৱা মতে, অভিযানৰ সময়ত খেতি কৰা স্থানত নিৰ্মিত ৭টা জুপুৰিও ভাঙি জুই লগাই দিয়া হয়। এঘাৰ বেগ সাৰ, ২৩ বেগ ৰাউণ্ডআপ ঘাঁহনি নাশক, ১৪ বেগ নিমখ, স্প্ৰে পাম্প, পাইপ, আৰু অন্যান্য খেতিৰ সঁজুলি জব্দ কৰি ধ্বংস কৰে।
বিষয়াসকলৰ মতে, এই কাৰ্য ৰাজ্যত অবৈধ আফিং খেতি আৰু ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া