
তিনিচুকীয়া, ০৮ জানুৱাৰী (হি.স.): তিনিচুকীয়া জিলাৰ ডিগবৈ পেঙেৰী বৰডুমচা সংযোগী নিৰ্মীয়মাণ পথত নিৰ্মাণকাৰী প্ৰতিষ্ঠান পিবিপিএলৰ কামকাজে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰি আহিছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে পথ সুৰক্ষাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ৰাইজে বিপদ সংকূল ভাৱে যাতায়ত কৰিবলৈ বাধ্য় হৈছে।
উল্লেখ্য় যে পিবিপিএল পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে চলাই যোৱা কামকাজ মৰণফান্দ সদৃশ হৈ পৰিছে ৷কাম চলি থকা পথটোত কালভাৰ্ট নিৰ্মাণৰ বাবদ ২০/২২ ফুট দকৈ খনন কৰা বৃহৎ বৃহৎ গাঁতত বেৰিকেডৰ নামত দি ৰাখিছে সামান্য একোখনকৈ পলিথিনৰ জাল। এইক্ষেত্ৰত সদ্যব্যস্ত পথটোৰে দৈনিক হাজাৰ হাজাৰ যানবাহন বিপদ সংকুলভাৱে যাতায়ত অব্যাহত ৰখাৰ লগতে যি কোনো সময়তে বৃহৎ ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ