পি ডব্লিউ এল নিলামত মহিলা মল্লযুঁজাৰুৰ আধিপত্য, য়ুই চুছাকিৰ বাবে অভিলেখ সৃষ্টিকাৰী নিলাম
হৰিয়ানা থান্ডাৰ্ছে ৬০লাখ টকাত অন্তর্ভুক্ত কৰিলে, অন্তিম পংঘালক ইউ.পি. ডমিনেটৰ্চৰ ৫২ লাখত ক্ৰয় নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। প্ৰ’ ৰেছলিং লীগ (পিডব্লিউএল) ২০২৬ৰ খেলুৱৈ নিলামত মহিলা মল্লযুঁজাৰুসকলে এক শক্তিশালী ছাপ পেলাইছিল। আটাইতকৈ বৃহৎ আকৰ্ষ
जापान की स्टार पहलवान और टोक्यो ओलंपिक स्वर्ण पदक विजेता युई सुसाकी


হৰিয়ানা থান্ডাৰ্ছে ৬০লাখ টকাত অন্তর্ভুক্ত কৰিলে, অন্তিম পংঘালক ইউ.পি. ডমিনেটৰ্চৰ ৫২ লাখত ক্ৰয়

নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। প্ৰ’ ৰেছলিং লীগ (পিডব্লিউএল) ২০২৬ৰ খেলুৱৈ নিলামত মহিলা মল্লযুঁজাৰুসকলে এক শক্তিশালী ছাপ পেলাইছিল। আটাইতকৈ বৃহৎ আকৰ্ষণ আছিল জাপানৰ তাৰকা মল্লযুঁজাৰু তথা টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী য়ুই চুছাকি, যাক হাৰিয়ানা থাণ্ডাৰছে অভিলেখ ₹৬০ লাখ টকাত চুক্তিবদ্ধ কৰিছিল। পি ডব্লিউ এলৰ নিলামত এতিয়ালৈকে এগৰাকী মহিলা মল্লযুঁজাৰুৰ বাবে এই ধনৰাশি সৰ্বাধিক।

মহিলাৰ ৫৩ কেজি ওজনৰ শাখাত ভাৰতৰ বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী অন্তিম পাংঘালক ইউ পি ডমিনেটৰে ৫২ লাখ ₹ত ক্ৰয় কৰে। ইফালে মহিলাৰ ৬২ কেজি শাখাত প’ৰ্ট’ ৰিকোৰ আনা গ’ডিনেজে ৪৬ লাখ ₹ৰ বিনিময়ত পঞ্জাব ৰয়েলছৰ দলত যোগ দিয়ে। ইয়াৰ উপৰিও দিল্লী ডাংগল ৱাৰিয়ৰ্ছে মহিলাৰ ৭৬ কেজি শাখাত আজাৰবাইজানৰ এনাষ্টেছিয়া আলপায়েভাক ২৭ লাখ টকাত ক্ৰয় কৰে।

নিলামত সকলো কেটেগৰী এ+ (মাৰ্কি) মল্লযুঁজাৰুৰ ভিত্তি মূল্য ১৮ লাখ ₹ নিৰ্ধাৰণ কৰা হৈছিল যদিও কেইবাজনো মল্লযুঁজাৰুৰ নিলাম বহুত বেছি আছিল। পুৰুষৰ শাখাতো উল্লেখযোগ্য চুক্তি দেখা গৈছিল, পোলেণ্ডৰ ৰবাৰ্ট বাৰানক মহাৰাষ্ট্ৰ কেছাৰীয়ে ৫৫ লাখ ₹ত ক্ৰয় কৰিছিল। পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অমন ছেহৰাৱাটক টাইগাৰছ অৱ মুম্বাই ডাংগালত ৫১ লাখ ₹ত যোগ কৰা হয়। দিল্লী ডংগল ৱাৰিয়ৰ্ছে আজাৰবাইজানৰ টুৰান বায়ৰামভক চামিবল কৰাৰ বিপৰীতে ইউ পি ডমিনেটৰছে মিখাইলভ ভাচিল আৰু আৰ্মেন আন্দ্ৰেছিয়ানক সংযোজন কৰি দলটোক শক্তিশালী কৰে।

পি ডব্লিউ এল ২০২৬ৰ নিলাম প্ৰক্ৰিয়া এতিয়াও চলি আছে। খেলুৱৈসকলক চাৰিটা ভাগত ভাগ কৰা হৈছে—A+ (মাৰ্কি-marquee), এ, বি আৰু চি—যাৰ ভিত্তি মূল্য ক্ৰমে ₹ ১৮ লাখ, ১২ লাখ ₹, ৮লাখ ₹, আৰু ₹৩ লাখ। লীগৰ মুঠ পাৰ্চ ১২ কোটি ₹, ছয়টা ফ্ৰেঞ্চাইজিক ২ কোটি ₹কৈ আবণ্টন দিয়া হৈছে। দলসমূহে ৯টা ওজন শাখাত (পাঁচটা পুৰুষ আৰু চাৰিগৰাকী মহিলা) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

প্ৰতিটো দলে চাৰিজন বিদেশী খেলুৱৈ (দুজন পুৰুষ আৰু দুগৰাকী মহিলা)কে ধৰি ৯ৰ পৰা ১২জন মল্লযুঁজাৰুৰ এটা দল খেলিব। প্ৰতিটো দলৰ অন্ততঃ এজনকৈ চি কেটেগৰী মল্লযুঁজাৰুও থাকিব লাগিব। আগন্তুক ৰাউণ্ডত এই নিলাম তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে, য’ত ফ্ৰেঞ্চাইজিসমূহে পিডব্লিউএল ২০২৬ৰ বাবে নিজৰ দলসমূহ চূড়ান্ত কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande