ৰাণী ভেলু নাচিয়াৰ আৰু সাবিত্ৰীবাই ফুলেৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ০৩ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত আজি ৰাণী ভেলু নাচিয়াৰ আৰু সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ দুয়োজন মহান ব্যক্তিৰ সাহস, সমাজ সংস্কাৰ, ৰাষ্ট্ৰীয় সেৱাত অৱদানৰ
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


নতুন দিল্লী, ০৩ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত আজি ৰাণী ভেলু নাচিয়াৰ আৰু সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ দুয়োজন মহান ব্যক্তিৰ সাহস, সমাজ সংস্কাৰ, ৰাষ্ট্ৰীয় সেৱাত অৱদানৰ কথা সোঁৱৰণ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত ৰাণী ভেলু নাচিয়াৰৰ জন্ম বাৰ্ষিকী উপলক্ষে কয়, ৰাণী ভেলু নাচিয়াৰলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি। তেওঁ আছিল সাহস আৰু কৌশলগত বুদ্ধিমত্তাৰ প্ৰতীক। ঔপনিৱেশিক শক্তিৰ বিৰুদ্ধে যুঁজি ভাৰতীয়ৰ আত্মশাসনৰ অধিকাৰ ৰক্ষা কৰিছিল। সুশাসন আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতি তেওঁৰ সমৰ্পণ প্ৰশংসনীয়। তেওঁৰ ত্যাগ আৰু... দূৰদৰ্শী নেতৃত্বই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

আন এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, মই সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ শিক্ষা আৰু সেৱাৰ জৰিয়তে সামাজিক পৰিৱৰ্তনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ সমতা, ন্যায়, আৰু মমতাৰ নীতিৰ সাৰ্থকতা দাঙি ধৰিছিল। শিক্ষাক সামাজিক পৰিৱৰ্তনৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যম বুলি বিশ্বাস কৰি তেওঁ অভাৱগ্ৰস্ত লোকসকলৰ উত্থানত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁৰ কৰ্মই আজিও আমাক অনুপ্ৰাণিত কৰি ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande