ভাৰতীয় স্কীট শ্বুটাৰ অংগদ বীৰ সিং বাজৱাই নাগৰিকত্ব সলনি কৰি কানাডাক কৰিব প্ৰতিনিধিত্ব
নতুন দিল্লী, ০৩ জানুৱাৰী (হি.স.)। ভাৰতীয় স্কীট শ্বুটাৰ অংগদ বীৰ সিং বাজৱাই নিজৰ নাগৰিকত্ব সলনি কৰাৰ সিদ্ধান্ত লৈ এতিয়া ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কানাডাক প্ৰতিনিধিত্ব কৰিব। শ্বুটাৰঅংগদে ২৫ ডিচেম্বৰত ইনষ্টাগ্ৰামত তেওঁৰ নতুন ৰঙা শ্বুটিং
भारतीय स्कीट शूटर अंगद वीर सिंह बाजवा


নতুন দিল্লী, ০৩ জানুৱাৰী (হি.স.)। ভাৰতীয় স্কীট শ্বুটাৰ অংগদ বীৰ সিং বাজৱাই নিজৰ নাগৰিকত্ব সলনি কৰাৰ সিদ্ধান্ত লৈ এতিয়া ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কানাডাক প্ৰতিনিধিত্ব কৰিব।

শ্বুটাৰঅংগদে ২৫ ডিচেম্বৰত ইনষ্টাগ্ৰামত তেওঁৰ নতুন ৰঙা শ্বুটিং ভেষ্টৰ ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ নাম আৰু কানাডাৰ পতাকা আছিল। এই পোষ্টটোৰ জৰিয়তে তেওঁ ইংগিত দিলে যে তেওঁ এতিয়া কানাডাৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে অংগদে ভাৰতৰ হৈ কেইবাটাও ডাঙৰ মঞ্চত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০১৮ চনৰ এছিয়ান গেমছ আৰু ২০২১ চনৰ টকিঅ’ অলিম্পিকত তেওঁ পুৰুষৰ স্কীট ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

২০১৮ চনৰ এছিয়ান শ্বটগান চেম্পিয়নশ্বিপত তেওঁ স্বৰ্ণ পদক লাভ কৰিছিল। ইয়াৰ পিছতে ২০১৯ চনৰ এছিয়ান চেম্পিয়নশ্বিপত গণেমাত চেখনৰ সৈতে মিক্সড টিম ইভেণ্টত ৰূপৰ পদক লাভ কৰে। পুৰুষৰ স্কীট ইভেণ্টতো তেওঁ বিশ্ব অভিলেখ গঢ়িছিল, ৬০/৬০ নিখুঁত স্ক’ৰেৰে স্বৰ্ণ পদক লাভ কৰিছিল। এই কৃতিত্ব কুৱেইটত অৰ্জন কৰা হৈছিল।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অংগদে আই এছ এছ এফ বিশ্বকাপত দুটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁ শেষবাৰৰ বাবে ২০২৫ চনৰ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপ (শ্বিমকেণ্ট, কাজাখস্তান)ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত পুৰুষৰ স্কীট ফাইনেলত তেওঁ চতুৰ্থ স্থান দখল কৰে।

খবৰ অনুসৰি অংগদৰ পৰিয়াল কানাডাত বসতি স্থাপন কৰিছে। পিতৃ গুৰপাল সিঙে তাত আতিথ্যৰ ব্যৱসায় চলাই আছে। পৰিয়ালটোৰ স্থায়ী বসতিও অংগদৰ এই সিদ্ধান্তৰ মূল কাৰণ বুলি ধাৰণা কৰা হৈছে।

ভাৰতীয় শ্বুটিঙত এতিয়া অভিজ্ঞ স্কীট শ্বুটাৰৰ অভাৱ হ’ব, আনহাতে কানাডাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত এজন শক্তিশালী আৰু অভিজ্ঞ শ্বুটাৰৰ সমৰ্থন লাভ কৰিব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande