স্মিথে খোৱাজাৰ কেৰিয়াৰক সুন্দৰ বুলি অভিহিত কৰি কয়– তেওঁ জুনিয়ৰ পৰ্যায়ৰ ক্ৰিকেটৰ পৰাই জানিছিল যে খোৱাজা এজন মহান খেলুৱৈ হ’ব
ছিডনী, ০৩ জানুৱাৰী (হি.স.)। অষ্ট্ৰেলিয়াৰ বেটিং কিংবদন্তি ষ্টিভেন স্মিথে উছমান খোৱাজাৰ টেষ্ট কেৰিয়াৰক “সুন্দৰ” বুলি অভিহিত কৰি কয় যে তেওঁ সৰুৰে পৰাই জানিছিল যে খোৱাজা এজন মহান খেলুৱৈ হ’ব। ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত এছেজ টেষ্টৰ
स्टीव स्मिथ


ছিডনী, ০৩ জানুৱাৰী (হি.স.)। অষ্ট্ৰেলিয়াৰ বেটিং কিংবদন্তি ষ্টিভেন স্মিথে উছমান খোৱাজাৰ টেষ্ট কেৰিয়াৰক “সুন্দৰ” বুলি অভিহিত কৰি কয় যে তেওঁ সৰুৰে পৰাই জানিছিল যে খোৱাজা এজন মহান খেলুৱৈ হ’ব।

ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত এছেজ টেষ্টৰ পূৰ্বে খোৱাজাৰ অৱসৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্মিথে ১৫ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰশংসা কৰে।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ উদ্ধৃতি দি স্মিথে কয় যে নিউ চাউথ ৱেলছৰ নাবালিকা মেচত খেলা চাই খোৱাজাৰ প্ৰতিভাক তেওঁ চিনি পাইছিল।

স্মিথৰ মতে খোৱাজাৰ বলৰ দৈৰ্ঘ্য দ্ৰুতভাৱে পঢ়িব পৰা ক্ষমতা আৰু ষ্টাম্পৰ উচ্চতাৰ পৰা বল টানিব পৰা ক্ষমতা আৰম্ভণিৰে পৰাই বিশেষ আছিল। তেওঁ কয় যে খোৱাজাৰ সমগ্ৰ কেৰিয়াৰত ধাৰাবাহিক অগ্ৰগতি তেওঁৰ সফলতাৰ মূল চাবিকাঠি।

খোৱাজাৰ অৱসৰক অষ্ট্ৰেলিয়াৰ টেষ্ট দলৰ বাবে পৰিৱৰ্তনৰ সময়ছোৱাৰ আৰম্ভণি হিচাপে দেখা গৈছে। অৱশ্যে স্মিথে স্পষ্ট কৰি দিয়ে যে তেওঁ এতিয়াও অৱসৰৰ কথা চিন্তা কৰা নাই আৰু এই পৰিৱৰ্তনৰ মাজেৰে দলটোক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত ভূমিকা ল’ব বিচাৰে। অনাগত ১১ মাহত অষ্ট্ৰেলিয়াই ২১খন টেষ্ট খেলিব, য’ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু ২০২৭ চনৰ এছেছ ছিৰিজকে ধৰি অনুষ্ঠিত হ’ব।

খোৱাজাই কেৰিয়াৰত বিশেষকৈ উপমহাদেশীয় পৰিস্থিতিত কেইবাটাও বাদ পৰাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

স্মিথে স্বীকাৰ কৰে যে অধিনায়ক হিচাপে থকাৰ সময়ত স্পিনৰ বিৰুদ্ধে সংগ্ৰামৰ বাবেই তেওঁ খোৱাজাক বাদ দিছিল যদিও সেই অভিজ্ঞতা পিছলৈ উপকাৰী বুলি প্ৰমাণিত হয়। ২০১৮ চনৰ পিছত এছিয়াত স্পিন বলিঙৰ বিৰুদ্ধে খোৱাজাই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই অষ্ট্ৰেলিয়াৰ অন্যতম শ্ৰেষ্ঠ স্পিন বেটছমেন হিচাপে নিজকে প্ৰতিষ্ঠা কৰে।

অৱসৰৰ সংবাদমেলত খোৱাজাৰ বৰ্ণ বৈষম্য আৰু পাৰ্থক্যমূলক ব্যৱহাৰৰ অভিযোগৰ ওপৰত মন্তব্য কৰাৰ পৰা বিৰত থাকিলেও স্মিথে পাৰ্থ টেষ্টৰ পূৰ্বে তেওঁৰ প্ৰস্তুতিৰ বিষয়ে উত্থাপিত প্ৰশ্নসমূহক “অন্যায়” বুলি অভিহিত কৰে। স্মিথে কয় যে খোৱাজাই সদায় ধাৰাবাহিকভাৱে প্ৰস্তুতি চলাই আহিছে, আৰু কোনো নিৰ্দিষ্ট আঘাতৰ ভিত্তিত তেওঁক লক্ষ্য কৰি লোৱাটো অন্যায়।

ভৱিষ্যতৰ সন্দৰ্ভত স্মিথে কয় যে তেওঁৰ মনত কোনো নিৰ্দিষ্ট সময়সীমা নাই। তেওঁ স্বীকাৰ কৰে যে অভিজ্ঞ খেলুৱৈৰ একেলগে অৱসৰ লোৱাটো দলৰ বাবে অনুচিত হ’ব। স্মিথে লগতে কয় যে তেওঁ অধিনায়কত্ব গ্ৰহণ কৰিবলৈ সাজু আৰু নৱ প্ৰজন্মক টেষ্ট ক্ৰিকেটৰ সূক্ষ্মতা শিকোৱাত অৰিহণা যোগাব বিচাৰে।

স্মিথে দলটোৰ শেহতীয়া প্ৰদৰ্শনক প্ৰশংসা কৰি কয় যে বিগত কেইবছৰমানৰ পৰা বিভিন্ন সময়ত বিভিন্ন খেলুৱৈয়ে দায়িত্ব কান্ধত বহন কৰি অষ্ট্ৰেলিয়াক শক্তিশালী টেষ্ট দল হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande