বিচিচিআইৰ নিৰ্দেশনা মানি কেকেআৰে মুকলি কৰি দিলে মুস্তাফিজুৰ ৰহমানক
নতুন দিল্লী, ০৩ জানুৱাৰী (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক নিজৰ দলৰ পৰা মুকলি কৰি দিয়াৰ এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি
मुस्तफिजुर रहमान


নতুন দিল্লী, ০৩ জানুৱাৰী (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক নিজৰ দলৰ পৰা মুকলি কৰি দিয়াৰ এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু আইপিএলৰ নিয়ন্ত্ৰণমূলক নিৰ্দেশনা অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা বুলি নিশ্চিত কৰি ফ্ৰেঞ্চাইজিটোৱে আনুষ্ঠানিক সংবাদ মাধ্যমৰ বিবৃতি প্ৰকাশ কৰে।

কলকাতা নাইট ৰাইডাৰ্ছে জাৰি কৰা মিডিয়া এডভাইজাৰীত উল্লেখ কৰা হৈছে যে আগন্তুক ছিজনৰ পূৰ্বে বিচিচিআই/আইপিএলে মুস্তাফিজুৰ ৰহমানক দলৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে সকলো প্ৰয়োজনীয় পদ্ধতি আৰু পাৰস্পৰিক আলোচনা অনুসৰণ কৰি সিদ্ধান্ত কাৰ্যকৰী কৰা হয়। ফ্ৰেঞ্চাইজিটোৱে এইটোও স্পষ্ট কৰি দিয়ে যে আই পি এলৰ নিয়ম অনুসৰি বি চি চি আইয়ে কে কে আৰক সলনি খেলুৱৈক চুক্তিবদ্ধ কৰাৰ অনুমতি প্ৰদান কৰিছে, যাৰ সবিশেষ সময়মতে শ্বেয়াৰ কৰা হ’ব।

ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা আই পি এল ২০২৬ৰ মিনি নিলামত কেকেআৰে ৯.২০ কোটি টকাত ক্ৰয় কৰিছিল মুস্তাফিজুৰ ৰহমানক। এই ছিজনৰ বাবে চুক্তি লাভ কৰা একমাত্ৰ বাংলাদেশী খেলুৱৈ। কিন্তু শেহতীয়াকৈ তেওঁৰ চয়নক লৈ ৰাজনৈতিক আৰু সামাজিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি বিষয়টো আলোচনাৰ সন্মুখলৈ আহিছে।

মুস্তাফিজুৰ ৰহমানৰ আই পি এলৰ কেৰিয়াৰ আকৰ্ষণীয়। ২০১৬ চনত আই পি এলত অভিষেক ঘটাই তাৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদ, মুম্বাই ইণ্ডিয়ানছ, ৰাজস্থান ৰয়েলছ, দিল্লী কেপিটেলছ, চেন্নাই ছুপাৰ কিংছৰ দৰে দলক প্ৰতিনিধিত্ব কৰে। এই পৰ্যন্ত আই পি এলৰ ৬০খন মেচত ৬৫টা উইকেট দখল কৰাৰ লগতে ডেথ অভাৰত কাটাৰ বলৰ বাবে পৰিচিত। আই পি এল ২০২৫ত তেওঁ দিল্লী কেপিটেলছৰ অংশ আছিল, আঘাতৰ সলনি দলত যোগদান কৰিছিল।

মুস্তাফিজুৰৰ মুক্তিৰ পিছত এতিয়া কেকেআৰৰ আইপিএল ২০২৬ দলত থাকিব অজিংক্য ৰাহানে, ৰিংকু সিং, সুনীল নাৰিনে, বৰুণ চক্ৰৱৰ্তী, উমৰাণ মালিক, কেমেৰন গ্ৰীণ, ৰচিন ৰবিন্দ্ৰ, মথিছা পাথিৰানা, ৰাহুল ত্ৰিপাঠী, ইত্যাদি। এতিয়া ফ্ৰেঞ্চাইজিটোৱে দলীয় ভাৰসাম্য শক্তিশালী কৰিবলৈ সলনি খেলুৱৈ বিচাৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande