ইতিহাসৰ পৃষ্ঠাত ৪ জানুৱাৰীঃ ব্ৰেইল লিপিয়ে অন্ধ লোকসকলক দিলে নতুন দৃষ্টিশক্তি
ব্ৰেইল লিপিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্মৰ দিন হোৱাৰ বাবে প্ৰতি বছৰে ৪ জানুৱাৰীত লুই ব্ৰেইল দিৱস পালন কৰা হয়। দৃষ্টিহীন লোকৰ জীৱনত যোগাযোগ আৰু শিক্ষাৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয় আৰু ৰাষ্ট্ৰসংঘই ২০১৮
लुई ब्रेल दिवस


ব্ৰেইল লিপিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্মৰ দিন হোৱাৰ বাবে প্ৰতি বছৰে ৪ জানুৱাৰীত লুই ব্ৰেইল দিৱস পালন কৰা হয়। দৃষ্টিহীন লোকৰ জীৱনত যোগাযোগ আৰু শিক্ষাৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয় আৰু ৰাষ্ট্ৰসংঘই ২০১৮ চনত বিশ্ব ব্ৰেইল দিৱস ঘোষণা কৰে।

অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:

২০২০ - কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা উদ্বোধন কৰে। গান্ধী: লেখকৰ লেখক শীৰ্ষক নতুন দিল্লী বিশ্ব গ্ৰন্থমেলাৰ এই ২৮ সংখ্যক সংস্কৰণ।

- ভাৰতীয় অল ৰাউণ্ডাৰ ইৰফান পাথানে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা।

২০১০ - ভাৰতীয় ষ্টক এক্সচেঞ্জ ব’ৰ্ডৰ নিৰ্দেশত ভাৰতত ষ্টক মাৰ্কেট খোলাৰ সময় এঘণ্টা আগুৱাই পুৱা ৯ বজালৈ দিয়া হয়।

২০০৯ - পিপলছ ডেম’ক্ৰেটিক পাৰ্টিয়ে ইউ পি এৰ সৈতে সম্পৰ্ক ভংগ কৰে।

২০০৮ - আমেৰিকাই শ্ৰীলংকালৈ সামৰিক সঁজুলি আৰু সেৱা যোগান ধৰাত নিষেধাজ্ঞা আৰোপ কৰে।

২০০৬ - ডুবাইৰ শাসক শ্বেইখ মাকতুম বিন ৰছিদ আল মাকতুমৰ মৃত্যু হয়।

২০০৪ - ইছলামবাদত ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী জামালিৰ মাজত আলোচনা হয়।

২০০২ - ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ ভাৰতত উপস্থিত হয়।

১৯৯৯ - মংগল গ্ৰহত ভাপ বিশ্লেষণ কৰিবলৈ আমেৰিকাৰ মংগল অনুসন্ধানকাৰী লেণ্ডাৰ প্ৰ'ব যাত্ৰা কৰে।

১৯৯৮ - বাংলাদেশে উলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াক ভাৰতক গতাই দিবলৈ অস্বীকাৰ কৰে।

১৯৯০ - আজিৰ দিনটোতে পাকিস্তানত দুখন ৰেলৰ সংঘৰ্ষত প্ৰায় ৩০৭ জন লোক নিহত হোৱাৰ লগতে দুগুণ লোক আহত হয়।

১৯৭২ - নতুন দিল্লীত অপৰাধ বিজ্ঞান আৰু ফৰেনছিক বিজ্ঞান প্ৰতিষ্ঠানৰ শুভাৰম্ভ হয়।

১৯৬৬ - ভাৰত-পাকিস্তান সন্মিলন ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্তানী জেনেৰেল আয়ুব খানৰ মাজত আৰম্ভ হয়।

জন্ম

১৯৯৩ - অপূৰ্বী চাণ্ডেলা - ভাৰতীয় মহিলা শ্বুটাৰ।

১৯৬৫ - আদিত্য পাঞ্চোলি - হিন্দী চিনেমাৰ অভিনেতা।

১৯৫৫ - প্ৰতাপ চন্দ্ৰ সাৰংগী - ভাৰতীয় সমাজ কৰ্মী আৰু ৰাজনীতিবিদ।

১৯৫২ - টি. ঠাকুৰ - ভাৰতৰ ৪৩ সংখ্যক মুখ্য ন্যায়াধীশ।

১৯৩১ - নিৰুপা ৰায় - ভাৰতীয় বিখ্যাত অভিনেত্ৰী।

১৯২৯ - ৰাম মূৰ্তি ত্ৰিপাঠী - হিন্দী আৰু সংস্কৃত পণ্ডিত আৰু সমালোচক।

১৯২৫ - প্ৰদীপ কুমাৰ - বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেতা।

১৯২৫ - গোপাল দাস নীৰজ - হিন্দী সাহিত্যিক, শিক্ষক, কবি, আবৃত্তিকাৰ, আৰু চলচ্চিত্ৰৰ গীতিকাৰ।

১৯২৪ - চেবাষ্টিয়ান কেপেন - ধৰ্মীয় চিন্তাবিদ।

১৯১৬ - নিলোফাৰ (ৰাজকুমাৰী) - তুৰস্কৰ অট্টোমান বংশৰ শেষ ৰাজকুমাৰী।

১৯০৬ - আজিৰ দিনটোতে বিষ্ণু দামোদৰ চিতালে - এজন প্ৰখ্যাত কমিউনিষ্ট, স্বাধীনতা সংগ্ৰামী, জাতীয়তাবাদী, ৰাজনীতিবিদ।

১৮৯২ - জে চি কুমাৰপ্পা - এজন ভাৰতীয় অৰ্থনীতিবিদ।

১৮৮৯ - এম.পি. শাস্ত্ৰী - ভাৰতৰ প্ৰাক্তন দ্বিতীয় মুখ্য ন্যায়াধীশ।

১৮৮৭ - আজিৰ দিনটোতে লোচন প্ৰসাদ পাণ্ডে - এজন প্ৰখ্যাত সাহিত্যিক যিয়ে হিন্দী আৰু উড়িয়া উভয় ভাষাতো কবিতা ৰচনা কৰিছিল।

১৮০৯ - লুই ব্ৰেইল - অন্ধসকলৰ বাবে ব্ৰেইল লিপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত।

মৃত্যু

২০২২ - সিন্ধুতাই সাপকাল - অনাথ শিশুৰ বাবে কাম কৰা এগৰাকী সমাজকৰ্মী।

২০১৭ - আব্দুল হালিম জাফৰ খান - বিখ্যাত ছিটাৰবাদক।

২০১৬ - এছ এইচ কাপাদিয়া - ভাৰতৰ ৩৮ সংখ্যক মুখ্য ন্যায়াধীশ আছিল।

২০০৯ - আজিৰ দিনটোতে সুধীৰ ৰঞ্জন মজুমদাৰ - ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ।

১৯৯৪ - ৰাহুল দেৱ বৰ্মন (আৰ.ডি. বৰ্মন) হিন্দী চলচ্চিত্ৰৰ এজন বিখ্যাত সংগীত সুৰকাৰ আছিল।

১৯৯৩ - নৱলপকম পাৰ্থসাৰথী - এজন ভাৰতীয় জিনীয় বিজ্ঞানী, আন্তঃৰাষ্ট্ৰীয় চাউল আয়োগৰ কাৰ্যবাহী সম্পাদক আৰু থাইলেণ্ড চৰকাৰৰ চাউলৰ উপদেষ্টা।

১৯৯১ - জয়ন্তীলাল ছোটেলাল শ্বাহ - ভাৰতৰ দ্বাদশ মুখ্য ন্যায়াধীশ আছিল।

১৯৮৩ - ঝাবৰমল শৰ্মা - ৰাজস্থানৰ এজন প্ৰবীণ সাহিত্যিক, সাংবাদিক আৰু ইতিহাসবিদ।

১৯৬৭ - আজিৰ দিনটোতে ৰামচন্দ্ৰ কৃষ্ণ প্ৰভু - গান্ধীজীৰ অনুগামী আৰু বিখ্যাত সাংবাদিক।

১৯৩১ - মহম্মদ আলী - ভাৰতৰ এজন বিখ্যাত স্বাধীনতা সংগ্ৰামী, সাংবাদিক আৰু শিক্ষাবিদ।

১৯০৫ - আজিৰ দিনটোতে অযোধ্যা প্ৰসাদ খত্ৰী - খড়িবোলীৰ এজন বিখ্যাত কবি।

গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু উদযাপন

লুই ব্ৰেইল দিৱস

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande