
বিজাপুৰ, ৩ জানুৱাৰী (হি.স.)। ছত্তীশগড় জিলাৰ বিজাপুৰত আজি পুৱা নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত দুজন নক্সালবাদী নিহত হয়। উদ্ধাৰ কৰা হৈছে দুয়োৰে মৃতদেহ। এই এনকাউণ্টাৰ এতিয়াও অব্যাহত আছে। এই কথা নিশ্চিত কৰিছে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে।
বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ যাদৱে উল্লেখ কৰে যে মাওবাদীৰ উপস্থিতিৰ বিষয়ে দিয়া তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে এই অভিযান আৰম্ভ কৰে। ডি আৰ জি (ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড)ৰ এটা দলে নক্সাল বিৰোধী অভিযান চলাইছিল। ইফালে শনিবাৰে পুৱাই গুলীচালনা কৰে নক্সালবাদীয়ে। প্ৰায় ৫ বজাৰ পৰা মাওবাদীৰ সৈতে মাজে মাজে সংঘৰ্ষ হৈ আহিছে। তালাচী অভিযানৰ সময়ত এনকাউণ্টাৰ স্থানৰ পৰা দুজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
বস্তৰৰ আই জি সুন্দৰৰাজ পিয়ে উল্লেখ কৰে যে নিৰাপত্তাজনিত কাৰণত এই সময়ত এনকাউণ্টাৰৰ সঠিক স্থান আৰু অভিযানত জড়িত নিৰাপত্তাৰক্ষীৰ সংখ্যাৰ দৰে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰা হোৱা নাই। বিষয়াসকলৰ মতে, অভিযান সম্পূৰ্ণ হোৱাৰ পিছত এই এনকাউণ্টাৰ সম্পৰ্কীয় তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া