নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ ডগ ব্ৰেচৱেলৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ
ৱেলিংটন, ২৯ ডিচেম্বৰ (হি.স.)। নিউজিলেণ্ডৰ ক্ৰিকেটত এক বৃহৎ বিপৰ্যয়। প্ৰবীণ অলৰাউণ্ডাৰ ডগ ব্ৰেচৱেলে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। ২০২৩ চনত নিউজিলেণ্ডৰ হৈ শেষবাৰৰ বাবে টেষ্ট মেচ খেলিছিল ৩৫ বছৰীয়া ব্ৰেচৱেলে । এই ছিজনত চেণ্ট্ৰেল
ऑलराउंडर डग ब्रेसवेल


ৱেলিংটন, ২৯ ডিচেম্বৰ (হি.স.)। নিউজিলেণ্ডৰ ক্ৰিকেটত এক বৃহৎ বিপৰ্যয়। প্ৰবীণ অলৰাউণ্ডাৰ ডগ ব্ৰেচৱেলে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। ২০২৩ চনত নিউজিলেণ্ডৰ হৈ শেষবাৰৰ বাবে টেষ্ট মেচ খেলিছিল ৩৫ বছৰীয়া ব্ৰেচৱেলে । এই ছিজনত চেণ্ট্ৰেল ডিষ্ট্ৰিক্টৰ হৈও খেলপথাৰৰ পৰা আঁতৰি আছে।

ডগ ব্ৰেচৱেলে ২০১১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ২৮খন টেষ্ট, ২১খন এদিনীয়া আৰু ২০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল। তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো আছিল ২০১১ চনৰ ডিচেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোবাৰ্ট টেষ্টত, যিখন তেওঁৰ তৃতীয়খন টেষ্ট মেচ আছিল। এই মেচখনত ব্ৰেচৱেলে ৯/৬০ৰ আকৰ্ষণীয় পৰিসংখ্যা লাভ কৰি নিউজিলেণ্ডক ২৬ বছৰৰ ভিতৰত অষ্ট্ৰেলিয়াত প্ৰথমটো টেষ্ট জয়ৰ দিশত আগুৱাই লৈ যায়। অষ্ট্ৰেলিয়াত আজিলৈকে নিউজিলেণ্ডৰ এয়া অন্তিমখন টেষ্ট জয়ো।

দ্ৰুত মধ্যম গতিৰ বলাৰ ব্ৰেচৱেলে ২৮খন টেষ্ট মেচত ৭৪টা উইকেট দখল কৰাৰ বিপৰীতে সীমিত অভাৰৰ ক্ৰিকেটত তেওঁ মুঠ ৪৬টা উইকেট দখল কৰে। অৱসৰৰ কথা ঘোষণা কৰি ব্ৰেচৱেলে কয় যে ক্ৰিকেট তেওঁৰ জীৱনৰ এক গৌৰৱৰ অংগ হৈ আহিছে আৰু তেওঁ নিজৰ দেশ আৰু ঘৰুৱা দলৰ হৈ খেলাৰ সুযোগ পোৱাটো সৌভাগ্যৱান বুলি কয়।

ডগ ব্ৰেচৱেল ক্ৰিকেট খেলৰ এক বিশিষ্ট পৰিয়ালৰ পৰা আহিছে। তেওঁৰ পিতৃ ব্ৰেণ্ডন আৰু ককাক জন ব্ৰেচৱেলে নিউজিলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেট খেলিছিল, আনহাতে জন ব্ৰেচৱেলে কেইবাবাৰো ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষকতাও কৰি আহিছে। তেওঁৰ আন ককাক ডগলাছ আৰু মাৰ্কেও প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল। ব্ৰেচৱেলে আগন্তুক ভাৰত ভ্ৰমণত নিউজিলেণ্ডৰ এদিনীয়া দলৰ অধিনায়কত্ব কৰা তেওঁৰ খুলশালীয়েক মাইকেল ব্ৰেচৱেলৰ সৈতে দুখন এদিনীয়া আৰু এখন টেষ্ট মেচ খেলিছিল।

ঘৰুৱা ক্ৰিকেটত চেণ্ট্ৰেল ডিষ্ট্ৰিক্টৰ উপৰিও ব্ৰেচৱেলে আই পি এল ২০১২ত দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ), এছ এ২০ ২০২৪ত জোবাৰ্গ ছুপাৰ কিংছ, আৰু এই বছৰ গ্ল’বেল ছুপাৰ লীগত চেণ্ট্ৰেল ষ্টেগছক প্ৰতিনিধিত্ব কৰিছিল।

ডগ ব্ৰেচৱেলে এক বিশেষ কৃতিত্বৰে নিজৰ কেৰিয়াৰৰ অন্ত পেলাইছে। নিউজিলেণ্ডৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ৪ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰি ৪০০ৰো অধিক উইকেট দখল কৰিছে। প্ৰথম শ্ৰেণীৰ ১৩৭খন খেলত তেওঁ ৪৩৭টা উইকেট দখল কৰাৰ লগতে তিনিটা শতককে ধৰি ৪৫০৫ ৰান সংগ্ৰহ কৰে। এই অভিলেখে তেওঁক নিউজিলেণ্ড ক্ৰিকেটৰ স্মৰণীয় অল-ৰাউণ্ডাৰৰ ভিতৰত স্থান দিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande