ইতিহাস সৃষ্টি কৰি ভূটানৰ সোণম য়েছে টি-২০ ক্ৰিকেটত ৮টা উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত
গেলেফু (ভূটান), ২৯ ডিচেম্বৰ (হি.স.)। ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে ভূটানৰ বাওঁহাতৰ স্পিনাৰ সোণম য়েছে। টি-২০ ক্ৰিকেটত ৮টা উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় ২২ বছৰীয়া খেলুৱৈগৰাকী। ম্যানমাৰৰ বিৰুদ্ধে তৃতীয় টি-২০ ই
भूटान के बाएं हाथ के स्पिनर सोनम येशे


গেলেফু (ভূটান), ২৯ ডিচেম্বৰ (হি.স.)। ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে ভূটানৰ বাওঁহাতৰ স্পিনাৰ সোণম য়েছে। টি-২০ ক্ৰিকেটত ৮টা উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় ২২ বছৰীয়া খেলুৱৈগৰাকী। ম্যানমাৰৰ বিৰুদ্ধে তৃতীয় টি-২০ ইণ্টাৰনেশ্যনেলত তেওঁ এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে।

গেলেফুত খেলা খেলখনত এটা মেডেন অভাৰকে ধৰি ৪ অভাৰত মাত্ৰ ৭ ৰানত ৮টা উইকেট দখল কৰে সোণম য়েছেয়ে। তেওঁৰ মিতব্যয়ী হাৰ আছিল মাত্ৰ ১.৭৫ ৰাণ। ভূটান ক্ৰিকেটে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই ঐতিহাসিক প্ৰদৰ্শনৰ বিষয়ে লিখিছে, এটা স্মৰণীয় স্পেল! সোণম য়েশ্বেৰ ৪ অভাৰত অবিশ্বাস্য ৮/৭ ৰানটো বিশ্ব অভিলেখত পৰিণত হ'ল।

সোণম য়েছেৰ মাৰাত্মক বলিঙৰ ফলত ম্যানমাৰে ১২৮ ৰানৰ লক্ষ্যৰ অনুসৰণ কৰি মাত্ৰ ৪৫ ৰানতে অল আউট হয়। এই জয়েৰে ভূটানে ৫খন মেচৰ টি-২০ ছিৰিজত ৪-০ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। এই শৃংখলাত এতিয়ালৈকে সোণম য়েছে চাৰিখন মেচত ১২টা উইকেট দখল কৰিছে।

সোণম য়েছেৰ পূৰ্বে পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল মাত্ৰ দুজন বলাৰে। ২০২৩ চনত চীনৰ বিৰুদ্ধে মালয়েছিয়াৰ ছ্যাজৰুল ইদ্ৰুছে ৭/৮ উইকেট দখল কৰাৰ বিপৰীতে ২০২৫ চনত বাহৰেইনৰ আলী ডাউডে ভূটানৰ বিৰুদ্ধে ৭/১৯ উইকেট দখল কৰিছিল। পুৰুষৰ টি-২০ ক্ৰিকেটত (টি-২০ আৰু ঘৰুৱা টি-২০কে ধৰি) ইয়াৰ পূৰ্বে কোনো বলাৰে ৮ উইকেট দখল কৰা নাছিল।

টি-২০ ক্ৰিকেটত ৭টা উইকেট দখল কৰা আন বলাৰসকলৰ ভিতৰত আছে কলিন একাৰমেন (২০১৯ চনত লেষ্টাৰশ্বাইৰৰ হৈ ৭/১৮) আৰু টাস্কিন আহমেদ (২০২৫ চনত দৰবাৰ ৰাজশাহীৰ হৈ ৭/১৯)।

২০২২ চনৰ জুলাই মাহত মালয়েছিয়াৰ বিৰুদ্ধে টি-২০ত অভিষেক ঘটোৱা সোণম য়েছে আজিলৈকে ৩৪খন মেচত ৩৩টা ইনিংছত ৩৭টা উইকেট দখল কৰিছে আৰু তেওঁৰ গড়ে ১৭.৩৭ আৰু ইকনমি ৰেট ৫.৬৯ ধৰি ৰাখিছে। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ নামত এটা চাৰি উইকেট আৰু এটা পাঁচ উইকেটৰ অভিলেখো আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande