মাজুলীৰ ৰাজপথত দাও দাও কৈ জ্বলিল এখন বাহন
মাজুলীৰ ৰাজপথত দাও দাও কৈ জ্বলিল এখন বাহন ।
মাজুলীৰ ৰাজপথত দাও দাও কৈ জ্বলিল এখন বাহন


মাজুলী, ০৪ নৱেম্বৰ (হি.স.): মাজুলীৰ ৰাজপথত সংঘটিত হৈছে এক অঘটন। মাজুলীৰ ৰাজপথত যোৱা কালি সোমবাৰে নিশা দাও দাও কৈ জ্বলিল এখন বাহন । অৱশ্য়ে কথমপি প্ৰাণ ৰক্ষা পৰে গাড়ী খনৰ যাত্ৰী সকলৰ। মাজুলীৰ বালিচাপৰিত সংঘটিত হয় এই ঘটনা।

কাৰিকৰী বিজুটি বাবে গাড়ী খন জ্বলাৰ সম্ভৱনা ব্য়ক্ত কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনী আহি গাড়ী খনৰ জুই নুমুৱাবলৈ সক্ষম হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande