
ওদালগুৰি, ০৪ নৱেম্বৰ (হি.স.): সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই বৃহস্পতিবাৰে আহ্বান কৰা বিশাল গণ সমাবেশৰ স্থান সলনিৰ কথা সদৰি কৰিছে। সেই অনুসৰি টংলা চহৰৰ সলনি ওদালগুৰি চহৰৰ ডায়মণ্ড খেলপথাৰত অনুষ্ঠিত হ’ব আছাৰ এই বিশাল গণ সমাবেশ।
আছাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু সমূহ আঞ্চলিক সমিতি সহযোগত গৰুৱাঝাৰ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত যোৱা কালি সোমবাৰে সন্ধিয়া এক সংবাদ মেল অনুষ্ঠিত কৰি বিশাল গণ সমাবেশৰ স্থান সলনিৰ কথা সদৰি কৰে। অহা ৬ নবেম্বৰ তাৰিখ বৃহস্পতিবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা উদ্যোগত আহ্বান কৰা বিশাল গণ সমাবেশৰ স্থান জিলা খনৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত টংলা চহৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও বিশেষ কাৰনত জিলা খনৰ মাজমজিয়া ওদালগুৰি চহৰৰ ডায়মণ্ড খেলপথাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) ওদালগুৰি জিলা সমিতিৰ সভাপতি বাবুল পাইকে সংবাদ মেল যোগে সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ