হাউলীত অসম বিখ্যাত শ্ৰী শ্ৰী কৃষ্ণৰ ৯৮ সংখ্যক ৰাস মহোৎসৱ
হাউলীত অসম বিখ্যাত শ্ৰী শ্ৰী কৃষ্ণৰ ৯৮ সংখ্যক ৰাস মহোৎসৱ।
হাউলীত অসম বিখ্যাত শ্ৰী শ্ৰী কৃষ্ণৰ ৯৮ সংখ্যক ৰাস মহোৎসৱ


বৰপেটা, ০৪ নৱেম্বৰ (হি.স.): বৰপেটা জিলাৰ হাউলীত এইবেলি অসম বিখ্যাত শ্ৰী শ্ৰী কৃষ্ণৰ ৯৮ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব।জুবিনবিহীন ৰাস মহোৎসৱ যো জা কৰি উকা উকা অনুভৱ কৰিছে উদ্যোক্তাসকলে। তথাপিও পৰম্পৰা আৰু ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত পূৰ্বৰ দৰে এইবেলিও ১৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ।

অহা ৫ নৱেম্বৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই মহোৎসৱ। ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক দিশৰ লগতে জুবিনৰ প্ৰতি থকা অফুৰন্ত মৰম আৰু শ্ৰদ্ধাৰ প্ৰতিফলন ঘটিব হাউলীৰ ৰাস মহোৎসৱত । বিভিন্ন কাৰ্য্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ নামি দামী সাহিত্যিক, লেখক, সাংবাদিক ধৰ্মগুৰু, কলা-কুশলীৰ শিল্পীৰ লগতে বিভিন্ন ধৰণৰ আকৰ্ষণীয় কাৰ্যসূচী থাকিব হাউলীৰ ৰাস মহোৎসৱত। জুবিনৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে কেইবাটাও বিশেষ আকৰ্ষণ থাকিব । সেই উপলক্ষে ৯৮ সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিয়ে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande