ডিব্ৰুগড়ৰ বৰবৰুৱা লেপেটকটাত পথৰ দুৰাৱস্থা
ডিব্ৰুগড়ৰ বৰবৰুৱা লেপেটকটাত পথৰ অৱস্থা।
ডিব্ৰুগড়ৰ বৰবৰুৱা লেপেটকটাত পথৰ দুৰাৱস্থা


ডিব্ৰুগড়, ০৪ নৱেম্বৰ (হি.স.): ডিব্ৰুগড়ৰ বৰবৰুৱা লেপেটকটাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো কোম্পানীয়ে আজি এসপ্তাহ আগত খান্দি থৈ যোৱা এটা নলাত পৰি গুৰুতৰ ভাবে আহত হ'ল‌ দুইজনকৈ ব্যক্তি। গুৰুতৰভাবে আহত হোৱা ব্য়ক্তি দুজনৰ নাম আজিব আলি আৰু জীৱন পাতৰ বুলি জানিব পৰা গৈছে। পথৰ দুৰাৱস্থাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে।

স্থানীয় ৰাইজৰ পৰা জানিব পৰা অনুসৰি আজিব আলি ব্যক্তিজন অতি সংক্ৰত জনক অৱস্থাত ডিব্ৰুগড় ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৰাইজৰ অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত কোনো কোম্পানীয়ে খান্দি যোৱা এটা নলা আজি এসপ্তাহ অতিক্ৰম কৰা পাছতো কিয় বৰবৰুৱাৰ যান বাহন আৰক্ষীয়ে আজি লোকে কোনো ধৰণৰ ব্যৱস্থাত গ্ৰহণ নকৰিলে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত খান্দি থৈ যোৱা নলা ঠাইত, পদপথত অহা যোৱা কৰোঁতে দেখা কৈ কোনো সুৰক্ষা বেৰিকেত নাই। যাৰ ফলত এনেধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande