এমাহ ধৰি ধেমাজিত বোৱাৰী নিৰুদেশ
এক ধৰি ধেমাজিত বোৱাৰী নিৰুদেশ ।
এমাহ ধৰি ধেমাজিত বোৱাৰী নিৰুদেশ


ধেমাজি, ০৩ নৱেম্বৰ (হি.স.): ধেমাজি জিলা বৰদলনি আৰক্ষী চকী অন্তগত ৰজনি পুৰ গাওঁ খনৰ শক্তিমান বসুমতাৰী নামৰ লোকজনৰ পত্নী গীতাঞ্জলি মুচাহাৰী বসুমতাৰী আজি এক মাহ দিন ধৰি সন্ধানহীন হৈ আছে । যোৱা অক্টোবৰ মাহৰ ১০ তাৰিখে পুৱা ১০ বজাত কণ্টলৰ পৰা চাউল আনোগৈ বুলি ঘৰৰ পৰা ওলাই অহা পৰা আজি লৈকে ঘৰলৈ ঘুৰি নাহিল।

অক্টোবৰ মাহৰ ১১ তাৰিখে অৰ্থাৎ পিছ দিনা বৰদলনি আৰক্ষী চকীত অনুসন্ধান কৰিব বাবে এজাহাৰ দাখিল কৰিছিল যদিও আজি লৈকে কোনো সহাৰি পোৱা নাই। সন্ধান হীন হৈ থকা গীতাঞ্জলি মুচাহাৰী বসুমতাৰী লগত এটি দুই বছৰীয়া সন্তুানো লগত আছে। এই ক্ষেত্ৰত মহিলা তথা সন্তানৰ সম্ভেদ পালে স্বামী তথা পৰিয়ালৰ লোকে 6900266238 / 6901759212 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande