বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ আৰু বৈদিক গণিত প্ৰতিযোগিতালৈ অসমৰ ৫৭ গৰাকী প্ৰতিনিধি গুৱাহাটীৰ পৰা ৰাওনা
গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ অহা ৫ ৰ পৰা ৭ নৱেম্বৰ, ২০২৫লৈ বিহাৰৰ সীতামঢ়িত অনুষ্ঠিত হ''ব। লগতে অখিল ভাৰতীয় বৈদিক গণিত প্ৰতিযোগিতা অহা ৬ ৰ পৰা ৯ নৱেম্বৰ, ২০২৫লৈ পঞ্জাৱৰ জলন্ধৰত
বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ আৰু বৈদিক গণিত প্ৰতিযোগিতালৈ অসমৰ ৫৭ গৰাকী প্ৰতিনিধি গুৱাহাটীৰ পৰা ৰাওনা


গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ অহা ৫ ৰ পৰা ৭ নৱেম্বৰ, ২০২৫লৈ বিহাৰৰ সীতামঢ়িত অনুষ্ঠিত হ'ব। লগতে অখিল ভাৰতীয় বৈদিক গণিত প্ৰতিযোগিতা অহা ৬ ৰ পৰা ৯ নৱেম্বৰ, ২০২৫লৈ পঞ্জাৱৰ জলন্ধৰত আয়োজন কৰা হ’ব।

এই প্ৰতিযোগিতা দুটাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ হৈ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত নিকেতনসমূহৰ পৰা ৩৮ জন ছাত্ৰ-ছাত্ৰী আৰু ১৯ গৰাকী তত্ত্বাৱধায়ক আচাৰ্য-আচাৰ্যা মিলি মুঠ ৫৭ গৰাকী প্ৰতিনিধি আজি ০৩ নৱেম্বৰ, ২০২৫ তাৰিখে গুৱাহাটীৰ পৰা ৰে’লযোগে ৰাওনা হয় বুলি শিশু শিক্ষা সমিতি, অসমৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জনাইছে।

ৰাষ্ট্ৰীয় সমাৰোহলৈ যাত্ৰা কৰা দল দুটাক আজি অসম প্ৰকাশন ভাৰতীৰ সভাগৃহত শুভেচ্ছা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড° পৱন তিৱাৰী, পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ড° জগদীন্দ্ৰ ৰায়চৌধুৰী, শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশীয়ে, সংস্কৃতি বোধ পৰিযোজনাৰ প্ৰান্তীয় প্ৰমুখ ৰাতুল ডেকা আৰু ক্ষেত্ৰীয় বৈদিক গণিত প্ৰমুখ মহানন্দ দাসে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande