
গুৱাহাটী, ০৩ নৱেম্বৰ(হি.স.)। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান। চিকিৎসাধীন অৱস্থাত তেওঁ আজি চেন্নাইৰ এখন হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত থকা দীপক শৰ্মাক উন্নত চিকিৎসাৰ বাবে বিগত ২২ অক্টোবৰত চেন্নাইলৈ লৈ যোৱা হৈছিল। চেন্নাইত কিছুদিন চিকিৎসাধীন থকাৰ পিছত চিকিৎসালয়ত আজি পুৱা প্ৰায় ৬.০০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৭ বছৰ। ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাওঁত জন্মগ্ৰহণ কৰিছিল দীপক শৰ্মা। বৰ্তমান গুৱাহাটী মহানগৰীৰ অম্বিকাগিৰী নগৰৰ স্থায়ী বাসিন্দা আছিল দীপক শৰ্মা। অসমৰ আন এগৰাকী প্ৰখ্যাত বাঁহীবাদক প্ৰয়াত প্ৰভাত শৰ্মাৰ অধীনত বাঁহীবাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
তেওঁ কোলকাতা স্থিত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা সংগীত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহন কৰিছিল। তেওঁ লক্ষ্ণোৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীত বিষাৰদ উপাধী লাভ কৰিছিল। তেওঁ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ কেইবাটাও গীতত বাঁহীবাদন কৰিছিল। তিনিখন বোলছবিত সংগীত পৰিচালনা কৰিছিল দীপক শৰ্মাই।
বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। দীপক শৰ্মাৰ পাৰ্থিৱ দেহ চেন্নাইৰ পৰা গুৱাহাটীলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক অবগত কৰে। মঙলবাৰে পুৱাৰ ভাগত তেওৰ শৰীৰ চেন্নাইৰ পৰা গুৱাহাটীলৈ আহি পোৱাৰ সম্ভাৱনা আছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ