
নগাঁৱ, ০৩ নৱেম্বৰ (হি.স.)। নগাঁৱত নিযুত মইনা আঁচনিৰ প্ৰ– পত্ৰ ৰ নামত ধন লৈ নিলম্বন এজন। নগাঁও ডচন বহুমুখী বিদ্যালয়ৰ তৃতীয় বৰ্গৰ সহায়ক প্ৰৱন বৰাক নিলম্বন। লগতে অধ্যক্ষ তপন বৈদ্যক কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰে।
জিলা আয়ুক্ত দেৱাশীষ শৰ্মায় অতৰ্কিতে চলোৱা অভিযানত পোহৰলৈ আহে নিযুত মইনা আঁচনিৰ নামত ধন সংগ্ৰহৰ সমগ্ৰ ঘটনা। অভিযুক্ত প্ৰৱন বৰাই দিৰ্ঘদিনৰ পৰা নিযুত মইনা আচনিৰ প্ৰ–পত্ৰ যোগানৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছিল।
লক্ষনীয় যে নগাঁৱ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পিছত জিলা খনৰ কেইবাটাও বিভাগত সংঘটিত দুৰ্নিটি আৰু অনিয়মৰ ঘটনা পোহৰলৈৈৈ আহিছে আৰু দোষী চৰকাৰী বিষয়াক নিলম্বন কৰিছে। অতি সৎ বিষয়া হিচাপে পৰিচিত নগাঁৱ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলা খনত এক দুৰ্ণিতি বিহিন পৰিবেশ গঢ় দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু