জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু–আছুৰ উদ্যোগত টীয়কত মমশিখা সমদল
ৰাজপথত মম লৈ কেইবা শতাধিক জুবিন অনুৰাগী।।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু–আছুৰ উদ্যোগত টীয়কত মমশিখা সমদল


যোৰহাট, ০৩ নৱেম্বৰ (হি.স.): ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে টীয়কতো জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ বাবে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত য়োৱা কালি সন্ধিয়া মমশিখা লৈ ৰাজপথলৈ ওলাই আহে কেইবা শতাধিক লোক। টীয়ক হাইস্কুলৰ পৰা আৰম্ভণি কৰা এই মমশিখা সমদল টীয়ক নগৰৰ মাজেৰে প্ৰায় পাঁচ কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ হাইস্কুলৰ খেলপথাৰত সমাপ্ত কৰে।

সমদলত টীয়ক বাণিজ্য সন্থাৰ কেইবাগৰাকী জ্যেষ্ঠ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। আনহাতে এই সমদলৰ গ্ৰাম্যাঞ্চলৰ মহিলা স্বত:স্ফুত ভাবে ওলাই আহে। সমদলত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতম জ্যোতি শইকীয়াসহ জিলা সমিতিৰ কেইবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande