ওদালগুৰি খৈৰাবাৰীত ৬৫ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি
ওদালগুৰি খৈৰাবাৰীত ৬৫ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি।
ওদালগুৰি খৈৰাবাৰীত ৬৫ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি


ওদালগুৰি, ০৩ নৱেম্বৰ (হি.স.): ওদালগুৰি জিলাৰ খৈৰাবাৰীত ৬৫ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি চলাই থকা হৈছে। প্ৰাণৰ শিল্পী জুবিন দাৰ অবিহনে উদযাপন হ'ব এইবাৰ ৰাস মহোৎসৱ। অইন বছৰৰ তুলনাত কিছু পৃথক হ'ৱ এইবাৰ খৈৰাবাৰী ৰাস মহোৎসৱ।

ৰাস মহোৎসৱত ভগৱান শ্ৰীকৃষ্ণৰ মৃন্ময় মূৰ্তিৰ সমান্তৰালে প্ৰতিদিনে থাকিব জুবিন দাৰো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি অইন বছৰৰ তুলনাত শিথিল হ'ব কাৰ্যসূচী নাথাকিব বৃহৎ জাক জমকতা। প্ৰাণৰ শিল্পী জুবিন দাৰ শোকত আজিও ম্ৰিয়মাণ ৰাজ্যবাসী তাৰ মাজতে পাৰ হৈছে এটাৰ পিছত আনটো জুবিন বিহীন উৎসৱ। সন্মুখত ৰাস মহোৎসৱ প্ৰাণৰ শিল্পী গৰাকীৰ অবৰ্তমানতেই অসমবাসীয়ে উদযাপন কৰিব লাগিব ৰাস মহোৎসৱ।

ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ওদালগুৰিৰ খৈৰাবাৰী গুৰিহাটীতো অহা ৪ নৱেম্বৰৰ ১৫ পৰা নৱেম্বৰলৈ ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ৱ ৬৫ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande