
নলবাৰী, ০৩ নৱেম্বৰ (হি.স.): ঐতিহ্য়মণ্ডিত নলবাৰীৰ ৯২ সংখ্যক শ্ৰীশ্ৰীহৰি মন্দিৰ নলবাৰী ৰাস মহোৎসৱ এইবেলি ১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ৯২ সংখ্যক ৰাস মহোৎসৱ উদ্বোধন কৰিব বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ ডঃ বাবুল চন্দ্ৰ দাসে ।
ইতিমধ্যে নলবাৰী হৰি মন্দিৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি চলি আছে পূৰ্ণ গতিত । প্ৰায় ৯০% কাম সম্পূৰ্ণ হৈছে মৃন্ময় মূৰ্তি প্ৰধান নলবাৰী হৰি মন্দিৰ ৰাস মহোৎসৱৰ । এফালে কেবাটাও নতুন কাৰ্যসূচী সংযোজন হৈছে এইবাৰ হৰি মন্দিৰ ৰাস মহোৎসৱত । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫২ ফুট উচ্চতাৰ এখন গীতাৰৰ সহিতে থাকিব এটা মূৰ্তি। ছয় নবেম্বৰত জুবিন গাৰ্গৰ মায়াবিনী গিত পৰিবেশন কৰিব দহ হেজাৰ শিল্পীয়ে । লগতে ১৮ নৱেম্বৰত হৰি মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হ’ব সমূহীয়া বিবাহ । দুখীয়া ঘৰৰ লৰা ছোৱালী সমূহীয়া বিবাহ হৰি মন্দিৰৰ সমিতিৰ তত্ত্বাৱধানত অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান । ইয়াৰোপৰি এইবাৰ নলবাৰী হৰি মন্দিৰ ৰাস মহোৎসৱত পাঁচখন আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দলে পৰিবেশন কৰিব নাট ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ