
ধুবুৰী, ০৩ নৱেম্বৰ (হি.স.): ৰাজ্যৰ ২০২৬’ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুজকাৱাজ। ৰাইজৰ দলেও বিশেষকৈ ১০ নং বিলাসীপাৰা সমষ্টি দখলৰ যুঁজত নামিছে। দলটোৰ ভেটি মজবুত কৰিবলৈ যোৱা কালি দেওবাৰে সন্ধিয়া অনুষ্ঠিত কৰে সাংগঠনিক সভা।
প্ৰাণৰ শিল্পী জুবিন দা’ক শ্ৰদ্ধাঞ্জলী জনাই অনুষ্টিত কৰা সভাত মতিউৰ ৰহমানক সভাপতি, দিলৱাৰ হুছেইন আৰু নকুল দাসক সম্পাদক হিচাপেলৈ এখন সমষ্টি সমিতিও গঠন কৰে। দ’লটোৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নিলাক্ষী কাকতিয়ে সমষ্টিটোৰ চুকে কোনে গৈ সভা সমিতি অনুষ্ঠিত কৰিবলৈ লৈছে। ৰাইজৰ ওচৰলৈ গৈ সমস্যা সমূহৰ বুজ লৈছে। ২৬’ৰ নিৰ্বাচনত ৰাইজৰ দলে সমষ্টিটো দখল কৰিব বুলি দাবী কৰে ধুবুৰী জিলা সভাপতি জামাল হ’কে। প্ৰাৰ্থীত্ব প্ৰত্যাশী কাকতিয়ে সমষ্টিটোত দলৰ সাংগঠনিক ভেটি মুজবুত কৰিবলৈ দিনে নিশাই কাম কৰিছে। দ’লৰ কৰ্মীবৃন্দই অনাগত দিনত অধিক শ্ৰম কৰিলে সমষ্টিটো নিজৰ দখলত নিব পৰাটো সহজহৈ পৰিব বুলি জিলা সভাপতি হকে মত প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ