
কোকৰাঝাৰ, ০৩ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপুত যোৱা কালি দেওবাৰে বিয়লি প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ সোঁৱৰণত এখন নকআউট ফুটবল খেল অনুষ্ঠিত হৈ যায়।
শিমুলটাপুস্হিত বিজুলি ক্লাব আৰু শিমুলটাপু ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত উক্ত ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণিত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি জ্ঞাপন কৰি মায়াবিনী গীতেৰে প্ৰাণৰ শিল্পী গৰাকীক আয়োজক খেলুৱৈ সকলে শ্ৰদ্ধা জনাই খেলখন আৰম্ভ কৰে। উক্ত খেলখনত বংগৰ সংকোষ চাহ-বাগিচা ৰাইজিং ক্লাবে বৰদৈ ছিকলা ক্লাবক পৰাজিত কৰি জয়ী হয়।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ