টিৰাপত প্ৰায় ২১ চি এফ টি মূল্যবান কাঠ জব্দ
তিনিচুকীয়া, ৩১ অক্টোবৰ (হি.স.)। তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ পৰা যোৱা নিশা প্ৰায় ২১ চি এফ টি মূল্যবান কাঠ জব্দ কৰা হয়। লেখাপনী বন বিভাগৰ লোকে জব্দ কৰে চ
টিৰাপত প্ৰায় ২১ চি এফ টি মূল্যবান কাঠ জব্দ


তিনিচুকীয়া, ৩১ অক্টোবৰ (হি.স.)। তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ পৰা যোৱা নিশা প্ৰায় ২১ চি এফ টি মূল্যবান কাঠ জব্দ কৰা হয়। লেখাপনী বন বিভাগৰ লোকে জব্দ কৰে চোৰাং কাঠখিনি।

জব্দকৃত কাঠ সমূহ হোলোং আৰু বৰপাত গছৰ বুলি চিনাক্ত কৰে বন বিভাগৰ লোকে। এই কাঠ সমূহ টিৰাপ সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া ফুলবাৰি এন চি নামৰ গাওঁখনৰ কাষেৰে বৈ যোৱা টিৰাপ নৈৰ কাষত কোনো অসাধু লোকে অবৈধ ভাৱে মজুত কৰি ৰাখিছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে লেখাপানী বন বিভাগে টিপং সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে মজুদ কৰি ৰখা প্ৰায় ৩০ চি এফ টি মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হৈছিল।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande