প্ৰতিকূল বতৰক নেওচি বোকাখাত বিহৰা চাহ বাগিচাৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
গোলাঘাট, ৩১ অক্টোবৰ (হি.স.)। আজি পূৱাতে প্ৰতিকুল বতৰক নেওচি বোকাখাত বিহৰা চাহ বাগিচাৰ শ্ৰমিকসকলে আৰম্ভ কৰিলে উত্তাল প্ৰতিবাদ। টুকুৰী, কোৰ এৰি কৰ্মবিৰতি পালন কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল''লে বিহৰা চাহ বাগিচাৰ শ-শ শ্ৰমিকে। বিহৰা চাহ বাগিচাৰ শ্ৰম
প্ৰতিকূল বতৰক নেওচি বোকাখাত বিহৰা চাহ বাগিচাৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ


গোলাঘাট, ৩১ অক্টোবৰ (হি.স.)। আজি পূৱাতে প্ৰতিকুল বতৰক নেওচি বোকাখাত বিহৰা চাহ বাগিচাৰ শ্ৰমিকসকলে আৰম্ভ কৰিলে উত্তাল প্ৰতিবাদ। টুকুৰী, কোৰ এৰি কৰ্মবিৰতি পালন কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'লে বিহৰা চাহ বাগিচাৰ শ-শ শ্ৰমিকে।

বিহৰা চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ বিভিন্ন সমস্যাক গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। উল্লেখ্য যে দুদিনমান আগতে বাগিচাৰ শ্ৰমিক পৰিয়ালৰ এজন যুৱক দুৰ্ঘটনাগ্ৰস্থ হৈ জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে যোৰহাট চিকিৎসালয়ত। স্থানীয় বিধায়কক এইবিষয়ে ৰাইজে অৱগত কৰি সহায়ৰ আহ্বান জনাইছিল যদিও আজিলৈকে কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ আনিলে ৰাইজে। আজি উপায়ন্তৰ হৈ ৰাইজে মজুৰিৰ টকা কৰ্তন কৰি যুৱক জনৰ চিকিৎসাৰ বাবে টকা সংগ্ৰহ কৰিবলৈ বাধ্য হোৱা পৰিৱেশ সৃষ্টি হোৱাত ক্ষোভৰ উদ্গীৰণ হৈছে শ্ৰমিকসকলৰ মাজত।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande