টিংখাঙত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক একতাৰ দৌৰ
ডিব্ৰুগড়, ৩১ অক্টোবৰ (হি.স.)। টিংখাঙত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক একতাৰ দৌৰ। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 31 অক্টোবৰত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টি
টিংখাঙত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক একতাৰ দৌৰ


ডিব্ৰুগড়, ৩১ অক্টোবৰ (হি.স.)। টিংখাঙত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক একতাৰ দৌৰ।

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 31 অক্টোবৰত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টিংখাঙত আৰক্ষী প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়। টিংখাং আৰক্ষী থানাৰ উদ্যোগত আৰু টিংখাং ক্ৰীড়া সন্থাই টিংখাং আৰক্ষী থানৰ পৰা ধমন তিনিআলিলৈ ৰাণ ফৰ ইউনিটি ৰে উলিওৱা হয় ৰাষ্ট্ৰীয় একতা দিৱসৰ একতা দৌৰ। প্ৰায় ৫ কিলোমিটাৰ উলিওৱা সামূহিক দৌৰত আৰক্ষী কৰ্মচাৰী, গাওঁৰক্ষী বাহিনীৰ সদস্য, টিংখাং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ক্ৰীড়াপ্ৰেমী যুৱক-যুৱতী আৰু স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande