দিছপুৰ বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ সফল সমাপ্তি
গুৱাহাটী, ৩১ অক্টোবৰ (হি.স.)। অসম চৰকাৰে যোৱা ১৮ ছেপ্তেম্বৰৰ পৰা বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্হ্য শিবিৰৰ আয়োজন কৰিছে । ইয়াৰ অংশ হিচাপে শুশ্ৰুষা সেতুৰ অধীনত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন,অসমৰ যুটীয়া সহযোগত আজি দি
দিছপুৰ  বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্হ্য শিবিৰৰ সফল সমাপ্তি


গুৱাহাটী, ৩১ অক্টোবৰ (হি.স.)। অসম চৰকাৰে যোৱা ১৮ ছেপ্তেম্বৰৰ পৰা বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্হ্য শিবিৰৰ আয়োজন কৰিছে । ইয়াৰ অংশ হিচাপে শুশ্ৰুষা সেতুৰ অধীনত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন,অসমৰ যুটীয়া সহযোগত আজি দিছপুৰ বিধানসভা সমষ্টিৰ বৃহৎ স্বাস্হ্য শিবিৰ বনগাওঁস্থিত দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় ।

দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এই বৃহৎ স্বাস্হ্য শিবিৰৰ শুভাৰম্ভ কৰে । ওঠৰ বছৰৰ তলৰ শিশু আৰু কিশোৰ -কিশোৰীৰ প্ৰাথমিক ৰোগ চিনাক্তকৰণ আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে । এই শিবিৰত শিশু ,দন্ত ,কাণ-নাক আৰু ডিঙি,চকু,স্নায়ুৰোগ ,হৃদৰোগ,চৰ্ম ,শিশুৰ বিকাশজনিত বিলম্ব আদি কৰি ৫০বিধৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হয় । শিবিৰত বিশেষভাৱে সক্ষম শিশুৰ পৰীক্ষণ কক্ষ, মুখৰ কৰ্কট আৰু স্তন কৰ্কট ৰোগ, আয়ুস বহি: বিভাগ,সাধাৰণ বহি: বিভাগ,দন্ত ৰোগ বহি: বিভাগ,কাণ,নাক আৰু ডিঙি বহি:বিভাগ, চকুৰোগ,স্নায়ুৰোগ আদি বিভিন্ন ৰোগৰ কক্ষত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে স্বাস্হ্য সন্দৰ্ভত চিকিৎসা প্ৰদান কৰে । তদুপৰি উচ্চ ৰক্তচাপ ,মধুমেহ আৰু কেঞ্চাৰ আদিৰ বিনামূলীয়া পৰীক্ষণৰ লগতে যোগাসন আৰু স্বাস্থ্য সজাগতা বিষয়ক বিশেষ কাৰ্যসূচীৰো আয়োজন কৰা হয় । শিবিৰত আভা কাৰ্ড সৃষ্টিৰো ব্যৱস্থা কৰা হয় ।

আজিৰ এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান, জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞা, দিছপুৰ সমজিলাৰ আয়ুক্ত বিমান দাস , যুটীৱা স্বাস্হ্য সেৱা সঞ্চালক ডা: অপূৰ্ব কৃষ্ণ শৰ্মা , চেণ্ট্ৰেল গুৱাহাটী আৰু দিছপুৰ সমজিলাৰ সহকাৰী আয়ুক্ত ,জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰী , চিকিৎসক, চিকিৎসা কৰ্মী তথা নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ বিদ্যালয় সমূহৰ সহস্ৰাধিক শিক্ষাৰ্থী তথা অভিভাৱকসকলে এই স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande