
মৰিগাঁও, ৩১ অক্টোবৰ (হি.স.)। লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পটেলৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশতে শুকুৰবাৰে পুৱাই অনুষ্ঠিত হয় একতাৰ দৌৰ । প্ৰতি বছৰে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে দেশবাসীয়ে উদযাপন কৰি আহিছে একতাৰ দৌৰ (Run For Unity) শীৰ্ষক কাৰ্যসূচী।
এই উপলক্ষে জাগীৰোড আৰক্ষীৰ উদ্যোগত শুকুৰবাৰে প্ৰতিকুল বতৰকো নেওচি জাগীৰোডতো অনুষ্ঠিত হয় একতাৰ দৌৰ । জাগীৰোড পৰিদৰ্শন বঙলাৰ সন্মুখৰ পৰা উলিওৱা এই একতাৰ দৌৰ কাৰ্যসূচী জাগীৰোড চহৰৰ মাজমজিয়াত পৰিভ্ৰমণ কৰে । এই ৰাষ্ট্ৰীয় একতা দিৱসত আৰক্ষী প্ৰশাসনৰ লোকৰ লগতে জাগীৰোড নাগৰিক সমিতি, স্থানীয় ৰাইজ আৰু ভি ডি পিৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে ১৮৭৫ চনৰ ৩১ অক্টোবৰত জন্মলাভ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় । চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। তেওঁ সকলো ৰাজ্যক একত্ৰিত কৰি এখন দেশত পৰিণত কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৩১ অক্টোবৰ দিনটোক ৰাষ্ট্ৰীয় একাত দিৱস হিচাপে ঘোষণা কৰিছিল আৰু 'একতাৰ বাবে দৌৰ' শীৰ্ষক মাৰাথন দৌৰৰ আয়োজন কৰিছিল ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু