
দক্ষিণ শালামাৰা মানকাচাৰ, ৩১ অক্টোবৰ (হি.স.)। আজি ৰাষ্ট্ৰীয় একতা দিৱস। দেশৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিনটো ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষ্য়ত দক্ষিণ শালামাৰা মানকাচাৰ জিলাৰ মানকাচৰ আৰক্ষী থানাত ৰাণ ফল ইউনিটি (Run For Unity) মাৰাথন আয়োজন কৰা হয় l লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পটেলৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে এই বিশেষ মাৰথনৰ আয়োজন কৰা হয়।
প্ৰতি বছৰে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে দেশবাসীয়ে উদযাপন কৰি আহিছে এই ৰাণ ফল ইউনিটি শীৰ্ষক কাৰ্যসূচী। আজি মানকাচৰৰ আৰক্ষীৰ উদ্যোগত মানকাচৰ মহাবিদ্যালয়; জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়; এ এ লতিফ ছোৱালী বিদ্যালয়কে ধৰি বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগতে স্হানীয় ৰাইজ আৰু ভি ড পি পাৰ্টিয়ে অংশগ্ৰহণৰে এই কাৰ্যসূচী ৰূপায়ন কৰা হয়।
উল্লেখ্য যে ১৮৭৫ চনৰ ৩১ অক্টোবৰত জন্মলাভ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় । চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। তেওঁ সকলো ৰাজ্যক একত্ৰিত কৰি এখন দেশত পৰিণত কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৩১ অক্টোবৰ দিনটোক ৰাষ্ট্ৰীয় একাত দিৱস হিচাপে ঘোষণা কৰিছিল আৰু 'একতাৰ বাবে দৌৰ' শীৰ্ষক মাৰাথন দৌৰৰ আয়োজন কৰিছিল ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু