শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱক লৈ চলিছে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ ব্যাপক প্ৰস্তুতি
নগাঁও, ৩১ অক্টোবৰ (হি.স.)। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱক লৈ চলিছে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ অনান্য প্ৰান্তৰ দৰে মধ্য অসমৰ নগাঁৱতো চলিছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন। নগাঁৱৰ ৰাইডঙীয়া ন-সত্ৰত পৰম্পৰাগত নীতি নিয়মৰ মাজৰে তি
শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱক লৈ চলিছে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ ব্যাপক প্ৰস্তুতি


নগাঁও, ৩১ অক্টোবৰ (হি.স.)। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱক লৈ চলিছে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ অনান্য প্ৰান্তৰ দৰে মধ্য অসমৰ নগাঁৱতো চলিছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন। নগাঁৱৰ ৰাইডঙীয়া ন-সত্ৰত পৰম্পৰাগত নীতি নিয়মৰ মাজৰে তিনিদিনীয়াকৈ আয়োজন কৰিছে ৰাস মহোৎসৱৰ।

পূৰ্বৰ তুলনাত এইবেলি নাই ৰাইজৰ মাজত উৎসাহ উদ্দীপনা।সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি হে উদযাপন কৰিব ৰাস মহোৎসৱ।কাৰণ জুবিন গাৰ্গ বিহীন ৰাস মহোৎসৱ উদযাপন কৰিব ৰাইজে। অঞ্চলটোৰ জীয়ৰী,বোৱাৰী সকল সত্ৰত সমবেত হৈ ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে। খোল-তাল-বাঁহীৰ সুৰে সুৰে নাচি প্ৰস্তুতি চলাইছে অঞ্চলটোৰ যুৱতী-মহিলাই ৰাস মহোৎসৱৰ বাবে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande