
কামৰূপ, ৩১ অক্টোবৰ (হি.স.)। ৰঙিয়াত আৰক্ষী প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস পালন। চৰ্দাৰ বল্লভভাই পেটেলৰ এশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সঙ্গতি ৰাখি প্ৰদৰ্শন বাটৰ নাট।
ৰঙিয়া নগৰৰ দৰঙ্গা বাছ আস্থানত ৰাইজৰ সজাগতাৰ বাবে নটৰাজ নাট্য গোষ্ঠীৰ দ্বাৰা প্ৰদৰ্শন বাটৰ নাট। জাতিভেদ মুক্ত একক সমাজ গঠনৰ লক্ষ্য আগত ৰাখি অনুষ্ঠিত কৰা হয় বাটৰ নাট প্ৰদৰ্শন কাৰ্যসূচী। পৰিচালক, অভিনেতা চন্দন দাসৰ পৰিচালনাত পৰিৱেশন কৰা বাটৰ নাটখনৰ জৰিয়তে জাতিভেদ মুক্ত সমাজ গঠনৰ আশা প্ৰকাশ ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ নাথৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা