টিংখাঙত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক প্ৰীতি দৌৰ
টিংখাঙত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক প্ৰীতি দৌৰ।
টিংখাঙত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক প্ৰীতি দৌৰ


ডিব্ৰুগড়, ৩১ অক্টোবৰ (হি.স.): আজি ৰাষ্ট্ৰীয় একতা দিৱস । সমগ্ৰ দেশৰ লগতে টিংখাঙটো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস। এই উপলক্ষে টিংখাং আৰক্ষী থানাৰ উদ্যোগত আৰু থানা পৰ্যায়ৰ নাগৰিক সমিতি, গাওঁৰক্ষী বাহিনী, টিংখাং কলেজ, লগতে টিংখাং ক্ৰীড়া সন্থাৰ সক্ৰিয় সহযোগত এক বিশেষ কাৰ্যসূচী ৰূপে আয়োজিত হয় ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক প্ৰীতি দৌৰ আয়োজন কৰা হয়।

টিংখাং আৰক্ষী থানাৰ আয়োজিত ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক প্ৰীতি দৌৰ টিংখাং আৰক্ষী থানাৰ প্ৰাংগণৰ পৰা আৰম্ভ হৈ ধমন তিনিআলি পৰ্যন্ত দৌৰি পুনৰ টিংখাং থানাত সমাপ্ত হয়। প্ৰায় ৫ কিলোমিটাৰ দূৰত্বৰ দৌৰত অংশগ্ৰহণ কৰে আৰক্ষী কৰ্মচাৰী, গাওঁৰক্ষী বাহিনীৰ সদস্য, টিংখাং কলেজৰ ছাত্ৰ-ছাত্ৰী, ক্ৰীড়াপ্ৰেমী যুৱক-যুৱতী আৰু স্থানীয় নাগৰিকসকলে।

উল্লেখ্য যে ১৮৭৫ চনৰ ৩১ অক্টোবৰত জন্মলাভ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় । চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। তেওঁ সকলো ৰাজ্যক একত্ৰিত কৰি এখন দেশত পৰিণত কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৩১ অক্টোবৰ দিনটোক ৰাষ্ট্ৰীয় একাত দিৱস হিচাপে ঘোষণা কৰিছিল আৰু 'একতাৰ বাবে দৌৰ' শীৰ্ষক মাৰাথন দৌৰৰ আয়োজন কৰিছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande