ফকিৰাগ্ৰামত আৰক্ষী প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ
ফকিৰাগ্ৰামত আৰক্ষী প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ ।
ফকিৰাগ্ৰামত আৰক্ষী প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ ।


কোকৰাঝাৰ, ৩১ অক্টোবৰ (হি.স.): ভাৰত ৰত্ন লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ পৱিত্ৰ জন্ম দিন উপলক্ষে দেশৰ একতা - অখণ্ডতা ৰক্ষাৰ সংকল্পৰে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। আজি ৰাষ্ট্ৰীয় একতা দিৱস সমগ্র দেশৰ লগতে ফকিৰাগ্ৰামতো আৰক্ষী প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি পুৱা একতা দৌৰ আয়োজন কৰা হয় ।

ফকিৰাগ্ৰাম আৰক্ষী চকীৰ পৰা আৰম্ভ কৰা একতা দৌৰ ফকিৰাগ্ৰামৰ বিভিন্ন অঞ্চল হোই ফকিৰাগ্ৰাম আৰক্ষী চকীত অনুষ্ঠান সামৰণি মাৰে। প্ৰায় শতাধিক আৰক্ষী জোৱানে এই একতা দিৱসৰ একতা দৌৰত অংশগ্ৰহণ কৰে। জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক (অপৰাধ) আজিজা গুলেনুৰে উদ্বোধন কৰা একতা দৌৰত ডিএছপি (ব’ৰ্ডাৰ) বিনন্দ বসুমতাৰীয়ে, ফকিৰাগ্রাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কোশীক দোলেকে ধৰি কেবাগৰাকী আৰক্ষীৰ বিষয়াই, ফকিৰাগ্ৰামত গাঁওৰক্ষী বাহিনীৰ সদস্য আৰু স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande