বিহপুৰীয়াত ৰাষ্ট্ৰীয় একতা দিৱস পালন
বিহপুৰীয়াত ৰাষ্ট্ৰীয় একতা দিৱস পালন ৷
বিহপুৰীয়াত ৰাষ্ট্ৰীয় একতা দিৱস পালন


লখিমপুৰ, ৩১ অক্টোবৰ (হি.স.): চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষ্যত আজি বিহপুৰীয়াত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় ৷

বিহপুৰীয়া আৰক্ষী থানা, গাঁওৰক্ষী বাহিনী, বিহপুৰীয়া নাগৰিক সমাজ, মাৰোৱাৰী যুৱ মঞ্চ, শাখা সাহিত্য সভা, বিহপুৰীয়া কলেজ এন চি চি কেডেট, বিহপুৰীয়া প্ৰেছ ক্লাৱ আদিয়ে এই দিৱসত অংশ গ্ৰহণ কৰে ৷ দিৱসৰ লগত সংগতি ৰাখি বিহপুৰীয়া নগৰৰ মুল পথ সমুহেৰে এক সামুহিক দৌৰ বাহিৰ কৰা হয় ৷

উল্লেখ্য যে ১৮৭৫ চনৰ ৩১ অক্টোবৰত জন্মলাভ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় । চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। তেওঁ সকলো ৰাজ্যক একত্ৰিত কৰি এখন দেশত পৰিণত কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৩১ অক্টোবৰ দিনটোক ৰাষ্ট্ৰীয় একাত দিৱস হিচাপে ঘোষণা কৰিছিল আৰু 'একতাৰ বাবে দৌৰ' শীৰ্ষক মাৰাথন দৌৰৰ আয়োজন কৰিছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande