শিৱসাগৰ জিলাৰ ভাস্কৰজ্যোতি বোলছবি গৃহত ৰৈ ৰৈ বিনালে চাবলৈ পুৱাৰে পৰাই দৰ্শকৰ শাৰী
কিছু সময় পাছতে ৰৈ ৰৈ বিনালেৰ শুভ মুক্তি।
শিৱসাগৰ জিলাৰ ভাস্কৰজ্যোতি বোলছবি গৃহত ৰৈ ৰৈ বিনালে চাবলৈ পুৱাৰে পৰাই দৰ্শকৰ শাৰী


শিৱসাগৰ, ৩১ অক্টোবৰ (হি.স.): হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন তথা বহুল চৰ্চিত ছবি ৰৈ ৰৈ বিনালে আজি ৰাজ্যজুৰি শুভ মুক্তি লাভ কৰিছে। আজি ৩১ অক্টোবৰত পুৱাই শুভমুক্তি লাভ কৰে ৰৈ ৰৈ বিনালে ছবিখন। দেশৰ লগতে ৰাজ্যৰ ছবিগৃহ সমূহত দৰ্শকৰ পুৱাৰে পৰাই ভিৰ কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰ জিলাতো শুভমুক্তি লাভ কৰে জুবিন গাৰ্গৰ অন্তিম খন তথা বহুল চৰ্চিত ছবি ৰৈ ৰৈ বিনালে।

শিৱসাগৰ জিলাৰ ভাস্কৰজ্যোতি বোলছবিগৃহত পুৱাৰে পৰাই দৰ্শকৰ শাৰী দেখিবলৈ পোৱা যায়। শুভমুক্তিৰ প্ৰথম দৰ্শনীৰ পূৰ্বে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায় দৰ্শকসকলে । মায়াবীনি গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে যুগনায়ক জনলৈ ।

উল্লেখ্য যে ডেকা-গাভৰুৰ পৰা আবাল-বৃদ্ধ বণিতা, কণ-কণ শিশুলৈ, সকলো ওলাই আহিছে জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' উপভোগ কৰিবলৈ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande