টিহু গান্ধী ভবন ছবি আৰু প্ৰেক্ষাগৃহত ৭-৩০ বজাত শুভমুক্তি ৰৈ ৰৈ বিনালে
টিহু গান্ধী ভবন ছবি আৰু পেক্ষাগৃহত আৰম্ভ ৭-৩০ বজাত শুভমুক্তী হ’ল ৰৈ ৰৈ বিনালে ৷
টিহু গান্ধী ভবন ছবি আৰু প্ৰেক্ষাগৃহত ৭-৩০ বজাত শুভমুক্তি ৰৈ ৰৈ বিনালে


নলবাৰী, ৩১ অক্টোবৰ (হি.স.): হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন তথা বহুল চৰ্চিত ছবি ৰৈ ৰৈ বিচাৰে আজি ৰাজ্যজুৰি শুভ মুক্তি লাভ কৰিছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে টিহু গান্ধী ভবন ছবি আৰু প্ৰেক্ষাগৃহত আজি ৭-৩০ বজাত শুভমুক্তি পালে ৰৈ ৰৈ বিনালে ৷ ডেকা-গাভৰুৰ পৰা আবাল-বৃদ্ধ বণিতা, কণ-কণ শিশুলৈ, সকলো ওলাই আহিল জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' উপভোগ কৰিবলৈ ওলাই আহে। টিহুৰ নৱ নিৰ্মিত গান্ধী ভবন চিনেমা আৰু প্ৰেক্ষাগৃহত ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনী আৰম্ভ হ’ল ৭-৩০ বজাৰ পৰা।

টিহু নগৰৰ নিকটবৰ্তী ভালুকী নান্নাট্টাৰী, মাখিবাহা নমাটি বনগাঁও আমেৰিকা চ'ক আদি অঞ্চলৰ পৰা উপস্থিত হ’ল বহু প্ৰতিক্ষিত চিনেমাখন চাবলৈ জুবিন অনুৰাগীসকল ৷ আজিৰ পৰা মুঠ চাৰিটা দৰ্শনী প্ৰদৰ্শন কৰিব শুভমুক্তি পোৱা চিনেমাখন । ইতিমধ্যে ৫ নৱেম্বৰলৈ টিকট বুকিং সম্পূৰ্ণ হৈছে। ছবি আৰু প্ৰেক্ষাগৃহতো বুধবাৰে মুকলি কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দৰ্শক তথা অনুৰাগীয়ে। আজিও জুবিন গাৰ্গৰ ফটো আৰু justice for Zubeen Garg জাতীয় গামোচাত লিখি ছবি গৃহৰ ভিতৰত জুবিন অনূৰাগীয়ে উপভোগ কৰিছে ৰৈ ৰৈ বিনালে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande