ধেমাজিত ৪.৪৫ বজাৰ লগে লগে আৰম্ভ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ দৰ্শনী
ধেমাজিত ৪.৪৫ বজাৰ লগে লগে আৰম্ভ হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ দৰ্শনী।
ধেমাজিত ৪.৪৫ বজাৰ লগে লগে আৰম্ভ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ দৰ্শনী


ধেমাজি, ৩১ অক্টোবৰ (হি.স.): হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন তথা বহুল চৰ্চিত ছবি ৰৈ ৰৈ বিনালে আজি ৰাজ্যজুৰি শুভ মুক্তি লাভ কৰিছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে ধেমাজিতো মুক্তি লাভ কৰে ছবিখনে। ধেমাজিত আজি ৪.৪৫ বজাৰ লগে লগে আৰম্ভ হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ দৰ্শনী।

ধেমাজিৰ আৰ আৰ চিনেমা ( RR Cinemas) ছবিগৃহত দৰ্শনী আৰম্ভ হোৱা পূৰ্বে অনুৰাগীয়ে জনালে শ্ৰদ্ধাঞ্জলি, সকলোৱে গালে মায়াবিনী গীত। ধেমাজি জিলাৰ জোনাই, চিলাপথাৰ, গোগামুখৰ লগতে ঢকুৱাখানা তিনিচুকিয়া পৰা অনুৰাগী আহি ভাড়া ৰুমত থাকি চাবলৈ আহিল ৰৈ ৰৈ বিনালে । পৰ্দাত জুবিন গাৰ্গক প্ৰথম দেখি অভিভূত হৈ পৰিল দৰ্শকসকল । চিনেমা আৰম্ভ হোৱা পুৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি চাকি বন্তি জ্বলাই ছবি গৃহত প্ৰবেশ কৰে দৰ্শক সকল

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande