
দৰং, ৩১ অক্টোবৰ (হি.স.): হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন তথা বহুল চৰ্চিত ছবি ৰৈ ৰৈ বিচাৰে আজি ৰাজ্যজুৰি শুভ মুক্তি লাভ কৰিছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে মঙলদৈ ড্ৰীম চিনেমা হ’লত আজি ৭-১৫ বজাত শুভমুক্তি পালে ৰৈ ৰৈ বিনালে ৷
উল্লেখ্য যে ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিবা বুলি জুবিন গাৰ্গে আমন্ত্ৰণ জনাইছিল। তাৰেই ফলস্বৰূপে মঙলদৈৰ ড্ৰিম থিয়েটাৰ হলত ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনী আৰম্ভ হ'ল ৭-১৫ বজাৰ পৰা। মঙলদৈ চহৰৰ দাতিকাষৰীয়া কলাইগাওঁ, ছিপাঝাৰ, খাৰুপেটীয়া আদি অঞ্চলৰ পৰা উপস্থিত হ’ল বহু প্ৰতিক্ষিত চিনেমাখন চাবলৈ ৷ মুঠ ৬ ছয়টা দৰ্শনী প্ৰদৰ্শন কৰিব। নিশা শেষ দৰ্শনী হ'ব ৯-৩০ বজাত। ইতিমধ্যে ৬ নবেম্বৰলৈ টিকট বুকিং সম্পূৰ্ণ হৈছে।চিনেমা হলত সোমোৱাৰ আগতেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দৰ্শকক ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ