
কোকৰাঝাৰ, ৩১ অক্টোবৰ (হি.স.): পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া গোসাইগাঁৱত জোৰ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৱে ৷ অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত গোসাইগাঁও সদৰ চহৰৰ উত্তৰপাৰা স্থিত বাছ আস্থানৰ পৰা উলিওৱা সমদল সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰি প্ৰতিবাদী শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷
সমদলত অংশগ্ৰহণকাৰী সকলে এছ টি আমাক লাগিবই, ন এছটি ন ৰেষ্ট, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মিছলীয়া, কোচ ৰাজবংশী বিৰোধী হুচিয়াৰ আদি শ্লোগান দি পৰিস্থিতি জত্তাল কৰি তোলে ৷ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায়ে কয় যে সমাগত বিধান সভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক এছ টি দিবই লাগিব ৷ বিজেপি চৰকাৰে বাৰম্বৰ প্ৰতিশ্ৰুতি দি কোচ ৰাজবংশী জনগোষ্ঠীক ভেকোভাওনা কৰিছে। এইবেলি কোনো প্ৰতিশ্ৰুতি কোচ ৰাজবংশী জনগোষ্ঠীয়ে মানি নলয় বুলি ক্ষোভ ব্যক্ত কৰি সভাপতি গৰাকীয়ে কয় যে আমি কোনো প্ৰতিলিপিৰ বিষয়ে নাজানো মূলতে ২০২৬ চনৰ পূৰ্বে এছ টি লাগিবই ৷ অন্যথা এইবাৰ অসমৰ পৰা বিজেপি চৰকাৰক উৎখাত কৰা হ’ব বুলি তেওঁ হুংকাৰ দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ