
কামৰূপ, ৩১ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ ডিলাইট গ'ল্ড চিনেমা হ'লত জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে চাই আবেগিক । পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবিখন চাই ভগৱানক প্ৰত্যক্ষ কৰা যেন অনুভৱ দৰ্শক ৰ । অসমৰ সৰ্বাধিক আসনযুক্ত এই চিনেমা হলটোত স্থানীয় বিধায়ক ভৱেশ কলিতাই দৰ্শক ৰাইজৰ সৈতে ছবিখন চালে । প্ৰাণৰ শিল্পী জুবিনক শ্ৰদ্ধাঞ্জলি জনোৱা বুলি উল্লেখ কৰি এই ছবিখনত জুবিনে বলিষ্ঠ অভিনয় কৰা বুলি মত ব্যক্ত কৰে বিধায়ক ভৱেশ কলিতাই ।
চিনেমা উপভোগ কৰি চকুলো নিগৰিলে জুবিন অনুৰাগীৰ। ৰঙিয়াত ডিলাইট চিনেমা হলত অভূতপূৰ্ব সঁহাৰি ৰৈ ৰৈ বিনালে লৈ। ছবি চাই কান্দি কান্দি ওলাই আহিল জুবিন অনুৰাগী। জয় জুবিন দা ধ্বনি হলৰ বাহিৰে ভিতৰে। জুবিন গাৰ্গক ওচৰৰ পৰা পোৱা এগৰাকী যুৱতীয়ে নিগৰালে চকুলো। ৬ তাৰিখলৈকে ছবিগৃহ হাউচ ফুল ঘোষণা চিনেমা হল কতৃপক্ষৰ। অসমৰ ভিতৰতে সৰ্ববৃহৎ আসন যুক্তি চিনেমা হল আছে ৰঙিয়াত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা