
–নিৰ্বাচনী প্ৰাৰ্থীৰ পৰামৰ্শদাতা হিচাপে ৰাষ্ট্ৰজুৰি খ্যাতি অৰ্জন
–বিশ্ববিদ্যালয় অনুদান আয়োগে স্বীকৃতি প্ৰদান কৰিলে প্ৰণয়ৰ পাঠ্যক্ৰমক
শোণিতপুৰ ,৩১ অক্টোবৰ (হি.স.)। দেশৰ ভৱিষ্যত দ্ৰষ্টা উদ্যমী যুৱ প্ৰজন্মৰ ১০ জনীয়া তালিকাত একমাত্ৰ অসম সন্তান হিচাপে তেজপুৰৰ ৩৩ বছৰীয়া এগৰাকী যুৱকে স্থান লাভ কৰাৰ এক আশাব্যঞ্জক খবৰে ঊষা নগৰী তেজপুৰবাসীক উৎফুল্ল কৰি তুলিছে ।উল্লেখ্য দেশৰ আগশাৰীৰ প্ৰখ্যাত আলোচনী আউট লুকে নিৰ্বাচন কৰি উলিওৱা এই দহজনীয়া উদ্যমী যুৱকৰ তালিকাত অন্তৰ্ভুক্ত হোৱা অসম সন্তান তথা তেজপুৰ কুমাৰ গাওঁ নিবাসী জ্যেষ্ঠ অধিবক্তা মাধুৰ্য্য গোস্বামী আৰু বিশিষ্ট লেখিকা ,সমাজকৰ্মী মিতা নাংগীয়া গোস্বামীৰ পুত্ৰ প্ৰণয় গোস্বামী । ৩৩ বছৰীয়া উদ্যমী যুৱক প্ৰণয় গোস্বামী হ'ল ডি এন জি এন্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক ।
ণয়ে এই এন্টাৰপ্ৰাইজৰ জৰিয়তে ডট কাইজেন আৰু ফাৰ্ষ্ট মুভ শীৰ্ষক দুটাকৈ ব্ৰেণ্ড মুকলি কৰি ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলক নিৰ্বাচনত জয়লাভ কৰাৰ কৌশলৰ পৰামৰ্শ প্ৰদানৰে ইতিমধ্যে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাই নহয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজনৈতিক পৰামৰ্শদানৰ পাঠ্যক্ৰম আৰম্ভ কৰি যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । ২০২১ -২৪ ৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থীৰ হৈ পৰামৰ্শদাতাৰ ভূমিকাৰ পৰৱৰ্ত্তী সময়ত মহাৰাষ্ট্ৰ, ৰাজস্থান, কৰ্ণাটক, মণিপুৰ, মেঘালয় আৰু অসমৰ নিৰ্বাচনতো বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ পৰামৰ্শদাতা হিচাপে জড়িত হৈ প্ৰণয়ে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ তথ্য অৱগত হোৱাৰ পিছত দেশৰ আগশাৰীৰ আলোচনী আউট লুকৰ সমীক্ষাত ভৱিষ্যত দ্ৰষ্টা যুৱ উদ্যমী হিচাপে স্বীকৃতি লাভ কৰে ।
ইতিমধ্যে আউট লুক আলোচনীয়ে নিজৰ ৱেবছাইটত দেশৰ ১০ জনীয়া ভৱিষ্যত দ্ৰষ্টা হিচাপে প্ৰণয়ক স্হান দি ফটো সহ প্ৰকাশ কৰাৰ পিছত সম্প্ৰতি তেজপুৰৰ বাসগৃহতে থকা ৩৩ বছৰীয়া প্ৰণয়ে এই সন্দৰ্ভত কয় -যিহেতু ৰাজনীতি ছাঁয়াৰ আঁৰত থকা এক খেল তেন্তে ইয়াৰ বাবে পৰামৰ্শও অদৃশ্য হ'ব লাগিব । উল্লেখ্য যে নৰ্থ ইষ্ট লীডাৰ কানেক্টৰ এগৰাকী পদেন সদস্য হিচাপেও প্ৰণয়ে ইতিমধ্যে বহুকেইটা ৰাজনৈতিক দলৰ নেতাক নীতিগত বিষয় আৰু নিৰ্বাচন কেন্দ্ৰিক পৰামৰ্শ আগবঢ়োৱাৰ কামত জড়িত হৈ আছে । তেওঁৰ এন জি অ প্ৰভুধন ৰ জৰিয়তে সহ প্ৰতিষ্ঠাপক অদ্ৰিতা দাসৰ সৈতে ভাৰতৰ প্ৰথম ইউ জি চি স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক পৰামৰ্শদানৰ পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ কৰি আশাৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ