
গোলাঘাট, ৩১ অক্টোবৰ (হি.স.)। নুমলীগড়ৰ দেওপাহাৰত কেনিয়া,আফ্ৰিকা,ঘানাৰ লগতে বহুকেইখন দেশৰ লোকৰ সমাৱেশ । ঝুমুৰৰ তালে তালে নাচিলে বিদেশী যুৱতীয়ে ।
নুমলীগড়ৰ দেওপাহাৰৰ কাষৰ বাক্সা পাহাৰৰ দৃশ্য এয়া । বিশ্বৰ কেইবাখনো দেশৰ যুৱক,যুৱতী তথা ছাত্ৰ ছাত্ৰীৰ সমাৱেশ ঘটিছে অঞ্চলটিত । সেউজ প্ৰাকৃতিক পৰিৱেশৰ মাজত আকিছে ছবি । ঝুমুৰৰ তালে তালে নাচি বাগি উত্ফুল্লিত হৈ পৰে তেওঁলোক । সামাজিক উন্নয়ন ফ'ৰামে চমুকৈ এছ ডি এফ য়ে আজি দেওপাহাৰৰ বাক্সা পাহাৰত আয়োজন কৰে বহনক্ষম পৰিবৰ্তনৰ বাবে কেনভাছ শীৰ্ষক মনোজ্ঞ অনুষ্ঠান।খ্যাতিসম্পন্ন চিত্ৰশিল্পী শ্ৰদ্ধাৰ ননী বৰপূজাৰীয়ে দেশী বিদেশী বহু সংখ্যক প্ৰতিনিধিৰ উপস্থিতিত আনুষ্ঠানিকভাবে এই কাৰ্যসূচী মুকলি কৰে। দেশৰ কেইবাখনো ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ লগতে বিশ্বৰ বহুকেইখন দেশৰ যুৱক, যুৱতীয়ে এই অনুষ্ঠানত অংশ লৈ অসমৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত উৎফুল্লিত হৈ পৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা